পৰিৱৰ্তনকামী চৰকাৰৰ দিনত দুৰ্দশা এটি পৰিয়ালৰ

WhatsApp Image 2020 06 01 at 2.09.09 PM

বাগসা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ বেতনা মৌজাৰ ফহুৰাবাৰী গাঁৱত এটি জৰাজীৰ্ণ পজাত দুই পুত্ৰৰ সৈতে বাস কৰে লোকজনে। লোকজনৰ নাম ভূবনেশ্বৰ দাস(৪৫) । প্ৰায় দুইবছৰ পূৰ্বে ভৰিত আঘাত পায় দুয়োখন ভৰি বিকল হৈ পৰা পিতৃয়ে দুই কণমাণিক লৈ কিদৰে জীৱন -যাপন কৰিছে সেই দৃশ্যই আজিৰ সভ্য সমাজৰ মনস্তত্বত জোকাৰি গৈছে। সমাজ আজি বহু দূৰ আগুৱাই যোৱাৰ পিছতো এচাম লোক কাৰ ভুলৰ বাবে সভ্য সমাজৰ অংশীদাৰ হ’ব পৰা নাই সেয়া চিন্তনীয়। ঘৰ বুলি ক’ব নোৱাৰা এটি ভঙা টিনৰ চালিৰ তলত কদৰ্যময় পৰিৱেশত বাস কৰে তিনিটি প্ৰাণী। উল্লেখ্য যে ২৯ মে’ত দুই পুত্ৰই পিতৃক ঠেলাত তুলি ভিক্ষা কৰি ফুৰা দৃশ্য সামাজিক মাধ্যমত প্ৰথমে পোহৰলৈ আনে নেমছুৰ বাগসা জিলা সমিতিৰ সভাপতি হাফিজুল ইছলামে।

এই খবৰ বহুল প্ৰচাৰ হোৱাৰ পিছত আজি কিছু প্ৰকৃত সত্য পোহৰলৈ আহিছে। আজি ৩০ মে’ত নেমছু আৰু নেচনেল ক্ৰাইম ইনভেছটিগেশ্বন ব্যুৰুৰ কেবাজনো বিষয়-ববীয়া আৰু সদস্যই ফহুৰাবাৰী গাঁৱত ভূবনেশ্বৰ দাসৰ ঘৰত উপস্থিত হৈ দুই পুত্ৰক কাপোৰ আদি প্ৰদান কৰাৰ লগতে খাদ্য সামগ্ৰীও সাহাৰ্য হিচাপে আগবঢ়াই। সংগঠন দুয়োটাই অনাগত দিনত দুই পুত্ৰৰ সুৰক্ষিত ভবিষ্যতৰ লগতে থাকিবলৈ এটি গৃহৰ ব্যৱস্থাৰ পাবে চৰকাৰী ভাৱে যোগাযোগ কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে। প্ৰায় আঠ বছৰীয়া ডাঙৰ পুত্ৰ আৰু ছয় বছৰীয়া সৰু পুত্ৰই বিদ্যালয়লৈ যা লাগে বুলি বিশেষ নিয়ম নাই। পৰিৱেশ পৰিস্থিতিত পৰি এনেভাৱে দিন কটাইছে যে ভাবিবলৈ কঠিন হৈ পৰে তেওঁলোকৰ জীৱন শৈলী।

বিচনা বুলিবলৈ এখন ভগা চালপিৰা, তাতো কাপোৰ বুলি বিশেষ একো নাই। এনেখন বিচনাতে নিশা শুই থাকে তিনিও। ভৰিৰে খোজ কাঢ়িব নোৱাৰা পিতৃয়ে খুজি মাগি পোৱা চাউল কেইটাৰে ভাত বনাই আৰু দুই পুত্ৰই পানী আদি জোগাৰ কৰি দিয়ে। এনেদৰে চলিছে তেওঁলোকৰ জীৱন। এখন ৰেচন কাৰ্ডো নাই পৰিয়ালটোৰ নামত। উল্লেখ্য স্থানীয় লোকে জনোৱা মতে মদ্যপান কৰা পিতৃয়ে মাৰ-ধৰ কৰাৰ বাবেই যে প্ৰায় তিনি বছৰ পূৰ্বে মাকো গুচি গৈছে পৰিয়ালটোক এৰি থৈ। এতিয়া দুই পুত্ৰৰ ভবিষ্যতক লৈ সন্দিহান হৈ স্থানীয় লোকৰ লগতে সচেতন মহল। আজিৰ দিনতো এনেদৰে জীৱন-যাপন কৰা এটি পৰিয়ালৰ প্ৰকৃত ছবিখন পোহৰলৈ অহাৰ পিছত সৰ্বত্ৰে এই বিষয়ে চৰ্চা হৈছে। স্থানীয় বিটিচি ইএম মহেশ্বৰ বসুমতাৰী আৰু বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাৰ লগতে বিভাগীয় কৰ্তপক্ষক এই পৰিয়ালটোৰ এটি সুব্যৱস্থা কৰাৰ লগতে দুই সন্তানৰ ভবিষ্যত সুৰক্ষিত কৰিবলৈ দাবী উত্থাপন কৰিছে।

Exit mobile version