উত্তৰ কোৰিয়াত কিশোৰ-কিশোৰীৰ মাজত শাৰীৰিক সম্পৰ্ক স্হাপনৰ ‘নিষেধাজ্ঞা’ জাৰি কৰা হৈছে । এনে সম্পৰ্ক স্হাপনক ‘দেশদ্ৰোহীতা’ হিচাপে গণ্য কৰা হ’ব দেশখনত । অজ্ঞাতবাসৰ পৰা উভতি অহাৰ পাছতে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে উত্তৰ কোৰিয়াৰ স্বৈৰাচাৰী শাসক কিম জং উনে । এই বিতৰ্কিত নিৰ্দেশক লৈ ব্ৰিটেইনৰ এক্সপ্ৰেছে এক প্ৰতিবেদন যুগুত কৰাৰ পাছতে উনৰ এই কার্য পোহৰলৈ আহে । উল্লেখ্য যে প্ৰাপ্তবয়স্ক হোৱাৰ পূৰ্বে উত্তৰ কোৰিয়াত শাৰীৰিক সম্পৰ্ক স্হাপন কৰাটো আইন অনুসৰি নিষিদ্ধ । তথাপি আইনৰ সুৰুঙাৰে দেশখনৰ হাইস্কুলত অধ্যয়নত কিশোৰ-কিশোৰীসকলে শাৰীৰিক সম্পৰ্ক স্হাপন কৰে ।
এই খবৰ কিম জং উনৰ কাণত পৰাৰ পাছতে খঙত জ্বলি উঠে স্বৈৰাচাৰী শাসকজন । নাবালকসকলে এনে কাৰ্য্যত জড়িত হৈ পৰাৰ বাবে উনে পশ্চিমীয়া সাম্ৰাজ্যবাদী শক্তিকেই দায়ী কৰে। উত্তৰ কোৰিয়াত এনে ধৰণৰ কায্ সম্পূৰ্ণভাৱে বন্ধ কৰিবলৈ ইতিমধ্যে বলৱৎ হৈ থকা আইনক অধিক কঠোৰ কৰাৰো সিদ্ধান্ত লোৱা হৈছে । দেশখনত শেহতীয়াকৈ শিক্ষাৰ্থীসকলৰ মাজত শাৰীৰিক সম্পৰ্ক স্হাপনৰ ঘটনা বৃদ্ধি পাবলৈ লৈছে । শিক্ষাৰ্থীসকলক এনে কাৰ্য্যৰ পৰা বিৰত ৰাখিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ পক্ষেও মত দিছে শাসক পক্ষই । পিয়ংইয়ঙৰ এক সূত্ৰৰ উদ্ধৃতিৰে এই সন্দৰ্ভত এক বাতৰিও যুগুত কৰিছে ৰেডিঅ’ ফ্ৰি এছিয়াই । বিদ্যালয় পৰ্য্যায়ৰ শিক্ষাৰ্থীসকলৰ ফোন অথবা অন্যান্য বৈদ্যুতিক যন্ত্ৰৰ ওপৰত দৃষ্টি ৰাখিবলৈকো চৰকাৰীভাৱে নিৰ্দেশ দিয়া হৈছে।
সেই অনুসৰি ‘ৰেড ফ্লেগ’ নামৰ এপ এটি বনোৱা হৈছে চৰকাৰীভাৱে । বাধ্যতামূলকভাৱে হলেও শিক্ষাৰ্থীসকলৰ ফোন অথবা লেপটপত এই এপ সংস্হাপন কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে । এই এপৰ মাধ্যমত ‘পৰ্ণ’ জাতীয় কোনো ‘ছাইট’লৈ বৱহাৰকাৰীজন গলেই সকলো বানীবদ্ধ হৈ পৰিব । অথবা চাই থকা ছবিৰ দৃশ্যাংশৰ ‘ স্ক্ৰিন শ্বট’ উঠিব । আনহাতে, কোনো শিক্ষাৰ্থীয়ে শাৰীৰিক সম্পৰ্ক স্হাপন কৰাটো ধৰা পৰিলে তেনে বিদ্যালয় কৰ্তৃপক্ষ আৰু অভিভাৱকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ উনে নিৰ্দেশ দিছে । চৰকাৰৰ এনে কঠোৰ সিদ্ধান্তত শিক্ষাৰ্থীসকলকৰ মাজত শাৰীৰিক সম্পৰ্ক স্হাপনক লৈ সন্ত্ৰাসৰ সৃষ্টি হৈছে।