ৰেলতে মৃত্যু প্ৰায় ৮০ শ্ৰমিকৰ

indian railways 2

দেশজুৰি তলাবন্ধ ঘোষণাৰ পাছত এক ভাৰাক্ৰান্ত বেদনাদায়ক পৰিস্থিতিৰ গৰাহত সোমাই পৰে প্ৰব্ৰজিত শ্ৰমিকসকল। আশ্ৰয় তথা উপাৰ্জনহীন হৈ পদব্ৰজে লক্ষ লক্ষ শ্ৰমিকে স্বগৃহাভিমুখী যাত্ৰা আৰম্ভ কৰে ৷ এইদৰে আধাবাট খোজকাঢ়ি আৰু কিছু পথ আধাবাটতে পোৱা বাহনেৰে অতিক্ৰম কৰি বহু শাৰীৰিক মানসিক যাতনা ভূমি স্বগৃহত উপস্থিত হোৱাৰ বিপৰীতে অলেখজনে অকাল মৃত্যু সাৱটি ল’বলগীয়া হৈছে। তলাবন্ধৰ পাছত দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ শ্ৰমিকৰ ওভতনি যাত্ৰাৰ এনে ছবি বাৰে বাৰে ভাহি উঠিছে কৰ’না পৰিস্থিতিত ৷ পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ পাছত কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ৰাজ্যলৈ বিশেষ শ্ৰমিক ৰেল চলাচলৰ ব্যৱস্থা কৰে ।কিন্তু এতিয়াও মৃত্যু মুখত পৰিছে প্ৰব্ৰজিত শ্ৰমিক। ৰেল আৰক্ষীৰ তথ্য অনুসৰি বিগত পহিলা মে’ৰ পৰা ২৭ মে’ৰ ভিতৰত ৰেলত মৃত্যু হৈছে ৮০ জন প্ৰব্ৰজিত শ্ৰমিকৰ ৷

ৰেল আৰক্ষীৰ তথ্য অনুসৰি যোৱা পহিলা মে’ৰ পৰা ২৭ মে’ৰ ভিতৰত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ৩৮৪০ খন শ্ৰমিক ৰেলেৰে যাত্ৰা কৰিছে  ৷ এই সময়ছোৱাত ৫০ লক্ষাধিক শ্ৰমিকক নিজ ঘৰলৈ প্ৰেৰণ কৰা হৈছে । এক পৰিসংখ্যা অনুসৰি ন’ মে’ৰ পৰা ২৭ মে’ৰ পৰ্যন্ত ১৮ দিনত পূৰ্ব মধ্য ৰেল, উত্তৰ পূব ৰেল, উত্তৰ ৰেল আৰু উত্তৰ মধ্য ৰেলৰ জ’নসমূহত শ্ৰমিকৰ মৃত্যু হৈছে। মৃতকৰ মাজত আছে চাৰি বছৰীয়া শিশুৰ পৰা আৰম্ভ কৰি ৮৫ বছৰ উৰ্ধৰ ৷কিন্তু মৃত্যু হোৱা লোকৰসকলৰ অধিকাংশই বিভিন্ন ৰোগত আক্ৰান্ত আছিল ৷ৰেলৰ এক শীৰ্ষ বিষয়াই কয় যে শ্ৰমিকসকলৰ মৃত্যুৰ কাৰণ হৈছে অত্যাধিক গৰম,ক্লান্তি আৰু অৱসাদ ৷

যাৰ ফলত বহুতৰে মৃত্যু হৈছে ৷ ইপিনে ৰেল যাত্ৰাৰ আৰম্ভণিৰে পৰাই বিভিন্ন অভিযোগ উত্থাপন হৈ আছিল যে ৰেল যাত্ৰাত বিলম্ব,পূৰ্বে নিৰ্ধাৰিত পথ সলনি তথা শ্ৰমিকক ভুল গন্তব্যস্থানত নমাই দিয়াৰ অভিযোগ উঠিছে। লগতে ৰেল হেৰাই যোৱাৰ অভিযোগো উঠিছে ৷ কিন্তু এই অভিযোগ খাৰিজ কৰে ৰেল বৰ্ডৰ অধ্যক্ষ ভি কে যাদৱে। তেওঁ কয় যে যোৱা পহিলা মে’ৰ পৰা চলাচল কৰা ৩৮৪০ খন ৰেলৰ ভিতৰত চাৰিখন ৰেলে ৭২ ঘন্টাতকৈ অধিক সময় লৈছে গন্তব্য স্থানত উপনীত হ’বলৈ।

Exit mobile version