চুৰি কৰি নিয়া মটৰ চাইকেল গৰাকীক ওভতাই দিলে কোৰিয়াৰযোগে

pjimage

চোৰে চুৰি কৰি নিয়া মটৰ চাইকেল এখন অৱশেষত কোৰিয়াৰযোগে ওভতাই দিলে গৰাকীক। তামিলনাডুৰ কইম্বাট’ৰত সংঘটিত হৈছে এই অকল্পনীয় ঘটনাটো। মটৰ চাইকেল গৰাকী সুৰেশ কুমাৰে দুসপ্তাহৰ মূৰত কালি ওভতাই পায় চুৰি হোৱা মটৰ চাইকেলখন। যোৱা ১৮ মে’ত নিজ কৰ্মস্থলীৰ পৰা চুৰি হৈছিল সুৰেশৰ মটৰ চাইকেলখন। মটৰ চাইকেলখন চুৰি কৰিছিল প্ৰশান্হ (৩০) নামৰ এজনে। প্ৰশান্হ ঘৰ একেখন ৰাজ্যৰে মান্নাৰগুডিত।কইম্বাট’ৰৰ এখন বেকাৰীত কাম কৰে যুৱকজনে। তলাবন্ধৰ বাবে ঘৰলৈ উভতিবলৈ কোনো ব্যৱস্হা কৰিব নোৱৰা প্ৰশান্তই অৱশেষত মটৰ চাইকেল এখন চুৰি কৰিবলৈ সিদ্ধান্ত লয়। সেই অনুসৰিয়ে প্ৰশান্হই মটৰ চাইকেলখন চুৰি কৰে। সুৰেশ কুমাৰৰ মটৰ চাইকেলখনেৰেই প্ৰশান্হ গৈ উপস্থিত হয় ঘৰত।

যোৱা ১৮ মে’ত সুৰেশ কুমাৰে(৩৪) স্হানীয় কাম্বামপালায়াম পিৰিভূস্হিত কাৰখানাৰ সন্মুখত মটৰ চাইকেলখন ৰখাই থৈ কামত ব্যস্ত হৈ পৰিছিল । দুপৰীয়া প্ৰায় এক বজাত কাৰখানাৰ পৰা বাহিৰলৈ ওলাই আহি সুৰেশে দেখে ৰখাই থোৱা স্হানত মটৰ চাইকেলখন নাই। কাৰখানাৰ কাষতে থকা এখন দোকানত সংস্হাপিত চিচি টিভিৰ দৃশ্য পৰীক্ষা কৰাৰ পাছত এজন যুৱকে মটৰ চাইকেলখন লৈ যোৱাটো স্পষ্ট হয় । সুৰেশে এই চুৰি কাণ্ড সন্দৰ্ভত স্হানীয় চুলুৰ আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰে। কৰ’নাক লৈ ব্যস্ত থকা আৰক্ষীয়ে সেই সময়ত গোচৰটোৰ সন্দৰ্ভত বিশেষ তদন্তৰ পৰিৱৰ্তে তলাবন্ধ শেষ হোৱালৈ সুৰেশক অপেক্ষা কৰিবলৈ কয়। কিন্তু মটৰ চাইকেলখন বিচাৰি সুৰেশে নিজস্বভাৱে আৰম্ভ কৰে অভিযান। চিচি টিভিৰ দৃশ্যৰ পৰা প্ৰশান্হৰ ছবি সংগ্ৰহ কৰি ভাইৰেল কৰি দিয়ে হোৱাইটছ এপত। ইয়াৰ পাছতে সুৰেশে ফলাফলো লাভ কৰে তৎকালীনভাৱে। সংগ্ৰহ কৰিবলৈ সক্ষম হয় প্ৰশান্হৰ ঠিকনা।

তামিলনাডুৰে টিৰুভাৰুৰ জিলাৰ মান্নাৰগুডিৰ গাঁৱত থকা প্ৰশান্হৰ ঘৰত গৈ উপস্থিত হয় সুৰেশ; কিন্তু প্ৰশান্হক লগ পোৱাত ব্যৰ্থ হয়। সকলো কথা পাছত জানিব পাৰি প্ৰশান্হই মটৰ চাইকেলখন ওভতাই দিয়াৰ সিদ্ধান্ত লয়। মটৰ চাইকেলখনৰ পঞ্জীয়নপত্ৰৰ পৰা প্ৰশান্হই সংগ্ৰহ কৰে সুৰেশৰ ঠিকনা। ইয়াৰ পাছত কোৰিয়াৰযোগে গৰাকীলৈ প্ৰেৰণ কৰে মটৰ চাইকেলখন। সেই অনুসৰি কইম্বাট’ৰৰ চুলুৰস্হিত সুৰেশ কুমাৰক কালি কুৰিয়াৰ প্ৰতিষ্ঠানৰ পৰা ফোনযোগে যোগাযোগ কৰা হয়। আইনগত দিশৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ প্ৰশান্হই মটৰ চাইকেলখন ওভতাই দিবলৈ লোৱা সিদ্ধান্তৰ কথাও কয় কোৰিয়াৰ প্ৰতিষ্ঠানটোৰ লোকে। ভাল অৱস্থাতে পুনৰ নিজৰ মটৰ চাইকেলখন ওভতাই পোৱাত সুৰেশ কুমাৰে আৰক্ষী থানাত দিয়া গোচৰো প্ৰত্যাহাৰ কৰে। কিন্তু সুৰেশ কুমাৰে কোৰিয়াৰ প্ৰতিষ্ঠানটোক ১৪০০ টকা দিবলগীয়া হয় মটৰ চাইকেলখন ঘৰলৈ প্ৰেৰণ কৰাৰ ভাড়া হিচাপে।

Exit mobile version