দদৰাৰ ভৱেশ দাসে নিৰ্মাণ কৰি উলিয়াইছে হাত ধোৱা যন্ত্ৰ

WhatsApp Image 2020 06 02 at 10.52.21 AM

কামৰূপ জিলাৰ দদৰাৰ ভৱেশ দাসে সাজি উলিয়ালে এটা বিশেষ যন্ত্ৰ । কৰ’না মহামাৰীয়ে সলনি কৰিছে আমাৰ জীৱন প্ৰণালী। পৰিস্কাৰ-পৰিচন্নতা এতিয়া মানুহৰ জীৱনত হৈ পৰিছে অপৰিহাৰ্য। সঘনাই হাত ধোৱা এতিয়া অভ্যাসত পৰিণত কৰিবলগীয়া হৈছে সকলোৱে। তাৰ মাজতে চৰ্চালৈ আহিছে এটা বিশেষ বেচিন। হাত ধুবলৈ আপুনি হাতেৰে স্পৰ্শ কৰাৰ প্ৰয়োজন নাই বেচিনটো। নিতৌ ন ন আৱিস্কাৰেৰে ৰাইজৰ মাজত সমাদৰ লাভ কৰা ভৱেশ দাসক নতুনকৈ চিনাকী কৰি দিয়াৰ প্ৰয়োজন নাই।

ভিন্ন সময়ত ভিন্ন উদ্ভাৱনাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভৱেশ দাসে নেচনেল ইনোভেচন ফাউণ্ডেচন অৱ ইণ্ডিয়াৰ সহযোগত সাজি উলিয়ালে ফুড অপাৰেটেড হেণ্ড ওৱাচ বেচিন। কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্ত্তিক এনৰ দ্বাৰা মুকলি কৰা ফুড অপাৰেটেড হেণ্ড ওৱাছ বেচিন বজাৰত বিক্ৰীৰ বাবে সাজু কৰি ৰাখিছে ভৱেশ দাসে।ইয়াৰ বজাৰ মূল্য হ’ব ৫০০০ ৰ পৰা ৫৫০০ টকা । যোগাযোগৰ নম্বৰ ৬৯০০২১৬৪৯৫ , কোনোবা সদাশয় লোক বা অনুষ্ঠান-প্ৰতিষ্ঠানে যদি ক্ৰয় কৰিব বিচাৰে তেনেহলে উক্ত নম্বৰটোত যোগাযোগ কৰিব পাৰিব । কামৰূপ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ইতিমধ্যে ভৱেশ দাসে বিনামূলীয়াকৈ প্ৰদান কৰিছে এটাকৈ ফুড অপাৰেটেড বেচিন।

Exit mobile version