মে’ত নিবনুৱাৰ হাৰ ২৩.৪৮ শতাংশ,দেশত উদ্বেগজনক পৰিস্থিতি

unemployment113

তলাবন্ধৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত দেশত ইতিমধ্যে পৰ্যায়ক্ৰমে খোলা হৈছে তলা খোলাৰ ব্যৱস্থা। বিধি নিষেধত অত্যাধিক পৰিমাণে শিথিলতা অনাত দেশৰ কামৰ বজাৰত দেখা গৈছে স্বস্তিৰ আভাষ ৷ কিছু পৰিমাণে হ’লেও দেশত কৰ্মহীনৰ হাৰ কমিবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে । অৱশ্যে আগৰ তুলনাত সামান্য কমিলেও নিবনুৱাৰ হাৰ এতিয়াও উদ্বেগজনক হৈয়ে আছে ৷ উল্লেখযোগ্য যে কৰ’না ভাইৰাছে ভাৰতত তাণ্ডব আৰম্ভ কৰাৰ পূৰ্বেও দেশৰ অৰ্থনীতি বিশেষ আশাব্যঞ্জক নাছিল ৷ সেই সময়ত দেশত নিবনুৱাৰ হাৰ আছিল সাত শতাংশৰ আশে পাশে ৷ কিন্তু কৰ’নাৰ ভৰত অৰ্থনীতিৰ কঁকাল একপ্ৰকাৰ ভাঙি পৰিছে ৷ তলাবন্ধৰ ফলত মাত্ৰ দুমাহৰ ভিতৰতে নিবনুৱাৰ হাৰ সাত শতাংশৰ পৰা বৃদ্ধি পাই ২৭ শতাংশত উপনীত হৈছিল । লাহে লাহে তলাবন্ধৰ বিধি নিষেধ হ্ৰাস পাই অহাত অৰ্থনৈতিক কাৰ্যকলাপ পুনৰ আৰম্ভ কৰা হৈছে ৷ ইয়াৰ সমান্তৰালকৈ কৰ্মহীনতাৰ ছবিখনৰো কিছু পৰিমাণে পৰিৱৰ্তিত হৈছে ৷

বিশেষকৈ গ্ৰামাঞ্চলত এই ছবিখন যথেষ্ট আশাব্যঞ্জক । দেশৰ অৰ্থনীতি “থিংক টেংক” স্বৰূপ “চেন্টাৰ ফৰ মণিটৰিং ইণ্ডিয়ান ইক’নমী”ৰ প্ৰতিবেদনত কোৱা হৈছে যে মে’ত দেশত নিবনুৱাৰ হাৰ আছিল ২৩.৪৮ শতাংশ । অৰ্থাৎ যোৱা মাহত দেশৰ প্ৰতি পাঁচজন লোকৰ এজন আছিল নিবনুৱা । এই পৰিসংখ্যাত আগৰ মাহৰ তুলনাত সামান্য স্বস্তি লাভ কৰিছে ভাৰতে ৷এপ্ৰিলত দেশত নিবনুৱাৰ হাৰ আছিল ২৩.৫২ শতাংশ । চি এমআইই ৰ তৰফৰ পৰা দাবী কৰা হৈছিল যে এপ্ৰিলত দেশত প্ৰায় ১২ কোটি ৫০ লক্ষ কৰ্মক্ষম লোক নিবনুৱা হৈ বহি আছিল । মে’তো ছবিখন প্ৰায় একে। কেন্দ্ৰীয় চৰকাৰে দেশত লাহে লাহে তলা খোলাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পিছতেই সৰু সৰু অৰ্থনৈতিক কাৰ্যকলাপ আৰম্ভ হৈছে। যাৰ ফলত নিবনুৱাৰ সমস্যা সামান্য হ্ৰাসৰ ইংগিত পোৱা গৈছিল ৷ বিগত মাহৰ তুলনাত গ্ৰামাঞ্চলত নিবনুৱাৰ হাৰ কমিছে প্ৰায় আঠ শতাংশ।

Exit mobile version