খুলশালীৰ বিয়াত কৰ’না আক্ৰান্ত জোঁৱাই

marriage

শৰীৰত কৰ’নাৰ কোনো উপসৰ্গই দেখা দিয়া নাছিল । সেয়েহে কৰ’নাক বিশেষ এটা গুৰুত্ব দিয়াৰো কোনো কাৰণ দেখা নাছিল মধ্যপ্ৰদেশৰ লোকজনে । একমাত্ৰ সতৰ্কতা মূলকভাৱে ক’ভিড-১৯ ৰ পৰীক্ষাৰ বাবে নমুনা দিছিল লোকজনে । কিন্ত শৰীৰত কৰ’না উপসৰ্গ নথকা হেতুকে পৰীক্ষাৰ ফলাফললৈ অপেক্ষা কৰিবলৈ লোকজনে নিবিচাৰিলে । তদুপৰি ব্যস্ততা বৃদ্ধি পাইছিল খুলশালীৰ বিয়াৰ । অৱশ্যে লোকজনে ভাবি থকাতকৈ নেদেখা জনৰ চিন্তা আছিল পৃথক । ক’ভিড-১৯ৰ পৰীক্ষাৰ ফলাফল আহিল ‘পজিটিভ’ হিচাপে ।ইয়াৰ পাছতে সংকটৰ মুখত পৰে খুলশালীৰ বিয়া । দৰা-কইনা চক বিয়া ঘৰৰ সৰ্বমুঠ ১০৫ গৰাকী লোকক কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা হয় ।

এই ঘটনাটো ঘটিছে মধ্যপ্ৰদেশৰ ছিদোয়াৰাত । বিয়াৰ পূৰ্ণ প্ৰস্তুতিৰ মাজতে কালি লোকজনৰ ক’ভিড -১৯ ৰ পৰীক্ষাৰ ফলাফল আহে । ফলাফল পজিটিভ লাভ কৰাৰ লগে লগে এটা চিকিৎসা কৰ্মীৰ দল আহি উপস্থিত হয় বিয়া ঘৰত । কিন্তু বিয়া ঘৰত উপস্থিত হৈ চিকিৎসা কৰ্মীৰ দলটো অবাক হৈ পৰে । সাধাৰণতে বিয়া ঘৰত হোৱাৰ দৰে জ্যেষ্ঠ জোঁৱায়ে সকলোৰে মাজত ঘূৰি ফুৰিছে । সামাজিক দূৰত্ব বুলিবলৈ তেনেকৈ কোনো নীতি-নিয়ম বিয়া ঘৰত মানি চলা হোৱা নাই । ফলত বিয়া ঘৰত সেই সময়ত উপস্থিত থকা সৰ্বমুঠ ১০৫গৰাকী লোকক কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰাৰ বাহিৰে আন কোনো গত্যন্তৰ নাছিল চিকিৎসা কৰ্মীৰ দলটোৰ ওচৰত । আনকি কোৱাৰেন্টাইনলৈ যোৱাৰ পৰা ৰেহাই লাভ নকৰিলে দৰা-কইনায়ো ।

অৱশ্যে ইয়াতেই শেষ হোৱা নাই জ্যেষ্ঠ জোঁৱাইৰ কৰ’না আখ্যানৰ । দেশজুৰি বিয়া-সভাক লৈ তলাবন্ধৰ পৃথক নীতি-নিয়ম অব্যাহত থকাৰ সময়তে এখন বিয়াত শতাধিক লোক উপস্থিত হোৱাত লৈও প্ৰশ্ন উত্থাপন হৈছে । স্বাভাৱিকতে বিয়াখনত শতাধিক লোক উপস্থিত থকাটো আইনবিৰুদ্ধ কাৰ্য আছিল এই ক্ষেত্ৰত কিদৰে অথবা কাৰ অনুমতিত ইমান লোক সমবেত হ’ব পাৰিলে তাক লৈও ৰহস্যৰ সৃষ্টি হৈছে । অৱশ্যে এই ঘটনাক লৈ এতিয়ালৈ কোনো গোচৰ ৰুজু হোৱা নাই । লোকজনৰ দায়িত্বজ্ঞান শূন্যতাক লৈও উত্থাপন হৈছে প্ৰশ্নৰ । বিয়ালৈ অহা অতিথি সকলেও প্ৰশ্ন উত্থাপন কৰিছে । অতিথি সকলৰ মতে ক’ভিড-১৯ ৰ পৰীক্ষা কৰিব দিয়া এজন লোক ফলাফল অহাৰ পূৰ্বে এনেদৰে ভৰা বিয়া ঘৰত উপস্থিত থাকিব নালাগিছিল।

Exit mobile version