নিবনুৱা সংস্থাপনৰ স্বাৰ্থতে চৰ-চাপৰিৰ ভূমি বেদখল মুক্ত কৰিছোঃপদ্ম হাজৰিকা

DTBIT59V4AETW5C

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চাৰিখনকৈ চৰ-চাপৰিৰ প্ৰায় ১৫ শ বিঘা মাটি সংৰক্ষনৰ ব্যৱস্থা কৰে শোণিতপুৰ জিলা প্ৰশাসনে ৷ জামুগুৰিহাটৰ দক্ষিণ পশ্চিম অঞ্চলৰ এক নং গটাইমাৰী, দুই নং গটাইমাৰী, তিনি নং গটাইমাৰী আৰু ভৰলী চাপৰিত বসতি কৰি অহা প্ৰায় ৭০ টা পৰিয়ালক চৰকাৰী ভূমি এৰি দিবলৈ নিৰ্দ্দেশ দিয়াৰ লগতে উক্ত ভূমি সংৰক্ষণৰ ব্যৱস্থা কৰে শোণিতপুৰ জিলা প্ৰশাসনে ৷ সংৰক্ষিত ভূমিত বাঁহৰ খুঁটা পুতি কালিৰে পৰা সীমা নিৰ্দ্ধাৰণত ব্যস্ত হৈ পৰিছে নদুৱাৰ ৰাজহ চক্ৰ বিষয়া মন্টুষ চক্ৰৱৰ্তীৰ নেতৃত্বত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে স্থানীয় প্ৰশাসন তথা গাঁওবুঢ়া, গাঁওৰক্ষী বাহিনীৰ সদস্যসকল ৷

উল্লেখ্য যে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পৰা উক্ত চৰ-চাপৰিৰ মাজেৰে তেজপুৰলৈ যোৱা নৱ নিৰ্মিত চাৰি শৰীয়া যুক্ত পথটোৰ দুয়োকাষে তিনিশ মিটাৰকৈ ভূমি সংৰক্ষণ কৰে শোণিতপুৰ জিলা প্ৰশাসনে ৷ এই ভূমি সংৰক্ষণ কৰিবলৈ যোৱাৰ সময়ত স্থানীয় একাংশ লোকে প্ৰশাসনৰ লোকক হকা বাধা কৰিছিল যদিও প্ৰশাসনৰ হস্তক্ষেপত স্থানীয় লোকসকল আঁতৰি যায় ৷ উল্লেখ্য যে চতিয়া সমষ্টিৰ অন্তৰ্গত দক্ষিণ পশ্চিম অঞ্চলৰ কেইবাখনো চৰ-চাপৰিৰ শতাধিক বিঘা চৰকাৰী ভূমি বিভিন্নলোকে দখল কৰি বসতি কৰি আহিছে ৷ ইয়াৰোপৰি একাংশ সন্দেহজনক লোকে উক্ত অঞ্চলৰ ভূমি বেদখল কৰি বসতি কৰি অহাৰ লগতে বিভিন্ন অ-সামাজিক কাৰ্য্যকলাপত জৰিত হৈ আহিছে ৷

ইতিমধ্যে জিলা প্ৰশাসনে ৪৭০ টা সন্দেহজনক পৰিয়ালক উক্ত চৰ-চাপৰিৰ অঞ্চলৰ পৰা উচ্ছেদ কৰাৰ লগতে বেদখল মুক্ত কৰি চৰকাৰী ভূমিসমুহ সংৰক্ষণৰ ব্যৱস্থা কৰিছে ৷ উক্ত অঞ্চলৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰি উক্ত ভূমিত এখন আইন মহাবিদ্যালয় আৰু বিদ্যুৎ বিভাগৰ এটা সংমণ্ডল কাৰ্য্যালয় স্থাপনৰো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে স্থানীয় বিধায়ক পদ্ম হাজৰিকাই ৷ ইয়াৰোপৰি উক্ত অঞ্চলৰ চৰকাৰী ভূমি বেদখল মুক্ত কৰি স্থানীয় নিবনুৱা সকলৰ মাজত গোট হিচাপে বিতৰণ কৰি বিভিন্ন কৃষি পাম তথা বহুমুখী পাম স্থাপনৰো আঁচনি লৈছে বিধায়ক পদ্ম হাজৰিকাই ৷ উক্ত চৰ-চাপৰিৰ সহস্ৰাধিক বিঘা ভূমি কাজিৰঙা ষষ্ঠ সংযোজনৰ অন্তৰ্ভুক্ত কৰাৰো চৰকাৰে পৰিকল্পনা কৰা বিষয়ে জানিব পৰা গৈছে ৷

জীয়াভৰলী নদী আৰু ব্ৰহ্মপুত্ৰ নদীয়ে বিভিন্ন সময়ত গতি সলায় চৰ-চাপৰীলৈ পৰিণত কৰা উক্ত ভূমি বিভিন্ন জনে দখল কৰি বসতি কৰি অহাৰ পাচত চতিয়া সমষ্টিৰ স্থানীয় বিধায়ক পদ্ম হাজৰিকাৰ তৎপৰতাত শেহতিয়াকৈ চৰকাৰী ভূমি সংৰক্ষণৰ যি আঁচনি লৈছে সেইয়া প্ৰশংসনীয় বুলি মন্তব্য কৰিছে সচেতন মহলে ৷ সমষ্টিৰ নিবনুৱা সংস্থাপনৰ স্বাৰ্থতে চৰকাৰী ভূমি বেদখল মুক্ত কৰিছো আৰু উক্ত চৰ-চাপৰিৰ প্ৰায় তিনি সহস্ৰাধিক বিঘা ভূমি সংৰক্ষণ মুক্ত কৰি সমষ্টিটোৰ নিবনুৱা সকলক বহুমুখী পামৰ জৰিয়তে কৰ্ম সংস্থাপনৰ বৃহৎ আঁচনি লোৱা বুলি মন্তব্য কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷

Exit mobile version