কৃষ্ণাংগ হত্যাকাৰী আৰক্ষী বিষয়াৰে বিবাহ বিচ্ছেদ বিচাৰিলে পত্নীয়ে

CFBTWASQABDT3AWHE7KIPNYZBY

কৃষ্ণাংগ নাগৰিক জৰ্জ ফ্লয়েডক আৰক্ষী বিষয়াই নিৰ্মমভাৱে হত্যা কৰাৰ পাছত সমগ্ৰ আমেৰিকাত ব্যাপক প্ৰতিবাদ অব্যাহত আছে ৷ এনে প্ৰতিবাদৰ মাজতে এই হত্যাকাণ্ড সংঘটিত কৰা অভিযুক্ত আৰক্ষী বিষয়া ডেৰেক ছ’বিনৰ স’তে বৈবাহিক জীৱন সমাপ্ত কৰাৰ সিদ্ধান্ত ল’লে পত্নী কেলীয়ে ৷ সংবাদ প্ৰতিষ্ঠান চি এন এনে এই বাতৰি প্ৰকাশ কৰি জনোৱা মতে, যোৱা ২৫ মাৰ্চ জৰ্জ আৰক্ষীৰ দ্বাৰা হত্যাৰ বলি হৈছিল আৰু যোৱা ২৮ মে’ত এই হত্যাকাণ্ডত অভিযুক্ত আৰক্ষী বিষয়া ডেৰেকৰ পত্নী কেলীয়ে অধিবক্তাৰ জৰিয়তে বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছিল ৷ সংবাদ মাধ্যমৰ আগত অৱশ্যে কেলীয়ে নিজে এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই ।

এটা আইনসেৱা প্ৰতিষ্ঠানে কেলীৰ বিবাহ বিচ্ছেদৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰি প্ৰকাশ কৰা মতে, জৰ্জৰ হত্যাত মানসিকভাৱে ভাগি পৰা হেতুকে কেলীয়ে অভিযুক্ত স্বামী কেলীৰ স’তে দাম্পত্য জীৱনৰ অৱসান ঘটোৱাৰ সিদ্ধান্ত লয় ৷ কেলীয়ে এই বিবাহ বিচ্ছেদৰ বিনিময়ত স্বামীৰ পৰা এটকাও ক্ষতিপূৰণ নিবিচাৰে বুলি আইনসেৱা প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে ৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰা মতে আৰক্ষী বিষয়াই চলোৱা নিৰ্যাতন আৰু ভৰিৰে ডিঙি চেপা মাৰি ধৰাৰ পৰিণতিতে শ্বাহৰুদ্ধ হৈ জৰ্জৰ মৃত্যু হৈছিল ।চেক জালিয়াতিৰ গোচৰত অভিযুক্ত কৃষ্ণাংগ জৰ্জক আৰক্ষী বিষয়াই ৰাজপথতে বৰ্বৰ নিৰ্যাতন চলাই হত্যা কৰাৰ এক ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে কৃষ্ণাংগ হত্যাক লৈ সমগ্ৰ আমেৰিকা প্ৰতিবাদত উত্তাল হৈ আছে ।

Exit mobile version