জনতা ভৱনত নিষ্কৰ্মা ভাইৰাছ

Assam Government

কৰ’না ভাইৰাছে বিপযস্ত কৰি তোলাৰ সময়তে ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ডস্বৰূপ জনতা ভৱনত যেন আলস্য ভাইৰাছে আক্ৰান্ত কৰিছে ৷ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দুমাহকাল অব্যাহত থকা তলাবন্ধ প্ৰায় সম্পূৰ্ণৰূপে শিথিল কৰি দিয়াৰ পাছতো স্বাভাৱিক হোৱা নাই ৰাজ্যিক সচিবালয়ৰ পৰিবেশ। ফলত জৰুৰীকালীন সেৱাৰ লগত জড়িত বিভাগসমূহক বাদ দি গৰিষ্ঠসংখ্যক বিভাগত আজিও অব্যাহত আছে তলাবন্ধৰ বাবে প্ৰশাসনিক তথা উন্নয়নমূলক কাম কাজৰ ক্ষেত্ৰত দেখা দিয়া স্থবিৰতা । অথচ এই সময়ছোৱাত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে সময়ে সময়ে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত জনতা ভৱনৰ বিভিন্ন বিভাগত উপস্থিত হৈছে সংশ্লিষ্ট বিভাগৰ কৰ্মচাৰীসকল ৷ কিন্তু চৰকাৰী কাম কাজৰ পৰিৱৰ্তে কৰ’না কেন্দ্ৰিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰিয়ে অধিকাংশ বিষয়া কৰ্মচাৰীয়ে দিন অতিবাহিত কৰিছে। ইফালে তলাবন্ধৰ নীতি নিৰ্দেশনা শিথিল হ’লে বৰ্তমানেও জনতা ভৱনত সাধাৰণ লোকৰ প্ৰৱেশত অনুমতি দিয়া নাই ৰাজ্য চৰকাৰে ৷

এই সময়ছোৱাত বিভিন্ন বিভাগৰ দায়িত্বত থকা মন্ত্ৰীসকলেও কাৎচিহে নিজ কাৰ্যালয়ত উপস্থিত হৈছে ।ফলত প্ৰতিনিয়ত প্ৰাণচঞ্চল হৈ থকা জনতা ভৱনত বৰ্তমানেও নাই কোনো ধৰণৰ ব্যস্ততা । জনতা ভৱনৰ চৌহদত কেৱল বিভাগৰ কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষী ৷ অৱশ্যে ইয়াৰ মাজতে দুই চাৰিজন লোকে বিশেষ অনুমতি লৈ জনতা ভৱনৰ ভিতৰত প্ৰবেশ কৰিছে ৷ আনহাতে পঞ্চম পৰ্যায়ৰ তলাবন্ধৰ সময়ত জনতা ভৱনৰ কাম কাজ ক্ৰমাৎ স্বাভাৱিক হোৱা বুলি উল্লেখ কৰি অসম সচিবালয় সেৱা সন্থাৰ সম্পাদক পাৰ্থ হাজৰিকাই কয় যে দীঘলীয়া বিৰতিৰ পাছত বিষয়া কৰ্মচাৰীসকলে জনতা ভৱনত উপস্থিত হৈছে  ৷ ভয় শংকাৰ মাজেৰে বিষয়া কৰ্মচাৰীসকলে আৰম্ভ কৰিছে বিভাগীয় কাম ৷ অৱশ্যে স্বাভাৱিক সময়ৰ দৰে এতিয়াও কাম কাজসমূহ আগবঢ়া নাই । তথাপি কম সময়ৰ ভিতৰত স্বাভাৱিক অৱস্থা ঘূৰি আহিব বুলি তেওঁ আশা ব্যক্ত কৰে ৷

Exit mobile version