জাজৰি আৰক্ষীৰ বৰ্বৰতাৰ বলি হৈ অৱশেষত কৰুণ মৃত্যুক সাবটি ললে ফনীধৰ বৰাই

হাজাৰ হাজাৰ লোকে ঘেৰাও কৰিলে জাজৰি থানা:উত্তপ্ত পৰিস্থিতি

2

♦ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ আৰক্ষী কনিষ্টবল ক্ৰমে পৰেশ শৰ্মা আৰু আতিকুৰ ৰহমানৰ নিৰ্মম প্ৰহাৰত অৱশেষত মৃত্যুক সাবটি ললে গাওঁৰক্ষী বাহিনীৰ সম্পাদক ফনীধৰ বৰাই। বৃহস্পতিবাৰে সন্ধিয়া চিকিৎসাধীন অৱস্থাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

♦ জাজৰি আৰক্ষী হাতত প্ৰহৃত স্হানীয় গাঁওৰক্ষী বাহিনীৰ সম্পাদকক মৃত্যুক কেন্দ্র কৰি আজি সন্ধ্যা জাজৰি থানাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
♦যোৱা ২ জুনৰ নিশা জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেম্পত কৰ্তব্যৰত অৱস্থাতে জাজৰি গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণিধৰ বৰাক অতি নিৰ্মম ভাবে প্ৰহাৰ কৰে জাৰৰি থানাৰ দুই কণিষ্ঠবল পৰেশ শৰ্মা আৰু আতিকুৰ ৰহমানে। লগে লগে পৰিয়ালৰ লোকে স্থানীয় লোকৰ সহযোগত সংকট জনক অৱস্থাত নগাঁৱৰ এখন ব্যক্তিগত নাৰচিংহোমত ভৰ্তি কৰায় যদিও উন্নয়ত চিকিৎসাৰ বাবে চিকিৎসাকে আজি গুৱাহাটীলৈ প্ৰেৰণ কৰে। চিকিৎসকৰ পৰামৰ্শ মতে পৰিয়ালৰ লোকে ফণিধৰ বৰাক গুৱাহাটীৰ মেডিকেল কলেজ হাসপাতালত ভৰ্তি কৰায় যদিও আজি সন্ধ্যা তেওঁৰ মৃত্যু হয়।
♦তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্র অঞ্চলবসী শোকত ম্ৰিয়মান হৈ পৰাৰ লগতে ক্ষুব্ধ ৰাইজে সন্মুখৰ জাজৰি আৰক্ষী থানাত গৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। লগে লগে ঘটনা স্থলীত উপস্থিত হয় নগাঁও জিলাৰ উচ্চ পদস্থ আৰক্ষী দল। আজি পুৱাও অঞ্চলটোৰ কেবা শতাধিক ৰাইজে জাজৰি থানাত গৈ প্ৰতিবাদ সাবস্ত্য কৰে।

♦স্মৰ্তব্য যে, যি সময়ত বিশ্ব ত্ৰাস কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কৰ’না বিৰুদ্ধী যুজত নিস্বাৰ্থ ভাবে যুজ দিবৰ বাবে সকলো পক্ষ ই আহ্বান জনাইছিল, একে সময়তে নিঃস্বার্থ পৰিহাৰ কৰি নিশা কোৱাৰেণ্টাইনত কৰ্তব্য পালন কৰিব লৈ গৈছিল দৰিদ্ৰ তথা অতি অমায়িক স্বভাবৰ ৫০ উদ্ধাৰ ফণিধৰ বৰাই গৈ অতি কৰুন ভাবে সাতটি লব লগা হল মৃত্যুক। মৃত ৰ সময়ত তেওঁ কণমানি কন্যা আৰু পত্নীক ইহ সংসাৰত এৰি থৈ যায়।
♦জাজৰি থানাৰ কণিষ্ঠ বল পৰেশ শৰ্মাৰ দু ব্যৱহাৰ বিৰুদ্ধে স্থানীয় ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত বাৰম্বাৰ অভিযোগ কৰি অহাৰ পিছতো কোনো ধৰনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।

Exit mobile version