সন্মুখত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

Add a subheading 40

সন্মুখত মেট্ৰিকৰ ফলাফল । পৰীক্ষা শেষ হোৱাৰ পাছতেই নাম ভৰ্তিৰ বাবে জল্পনা কল্পনা কৰা ছাত্ৰ ছাত্ৰী,অভিভাৱকসকল এতিয়া উদ্বিগ্ন হৈ পৰিছে ৷ ক’ভিড-১৯ ৰ সংহাৰি ৰূপৰ বাবেই এইবাৰ ফলাফলৰ পাছত ছাত্ৰ ছাত্ৰীসকলে মনে বিচৰা বিদ্যালয়খনত অধ্যয়ন কৰিব পাৰিবনে? পৰিবেশে কি কয়?কোন দিশে অসমৰ মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ? এনে চিন্তাই জোকাৰি যোৱা বহু অভিভাৱকে মহামাৰীৰ প্ৰকোপ হ্ৰাস নপোৱা পৰ্যন্ত মাজুলীৰ বাহিৰলৈ নিজ পুত্ৰ কন্যাক অধ্যয়নৰ বাবে পঠোৱাৰ পক্ষপাতি নহয় ৷ কিন্তু মাজুলীতে পঢ়াবৰ বাবেও চিন্তিত এইসকল অভিভাৱক। কিয়নো মাজুলীত যি কেইখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে তাৰে অধিকাংশ বিদ্যালয়ত নাই প্ৰয়োজনীয় বিষয় শিক্ষক। এগৰাকী দুগৰাকী নহয় । পূব মাজুলীৰ অন্যতম শিক্ষানুষ্ঠান চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মেৰাগড় নাৰায়ণ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাই কলা আৰু বিজ্ঞান শাখাৰ অধিকাংশ বিষয় শিক্ষক ৷ এই খালি পদসমূহ পূৰণ কৰিবৰ কাৰণে উৰ্দ্ধতন কৰ্তৃপক্ষক বিদ্যালয়কেইখনৰ কৰ্তৃপক্ষই জনাই আহিছে যদিও আজি পৰ্যন্ত নিযুক্তি নহ’ল এই পদসমূহ ।

এনে প্ৰেক্ষাপটত এনেদৰে অধিকাংশ খালি পদৰে চলি থকা বিদ্যালয়সমূহত নিজ সন্তানক নামভৰ্তি কৰিবৰ বাবেও আগ্ৰহী নহয় অভিভাৱকসকল ৷ এনে সমস্যাই এতিয়া জোকাৰি গৈছে মাজুলীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আৰু ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলক । চামগুৰি সত্ৰ ৰাৱনাপাৰ আৰু মেৰাগড় নাৰায়ন দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে দীৰ্ঘ বছৰৰ পৰা জিলাখনৰ ছাত্ৰ ছাত্ৰীৰ বিজ্ঞান শাখাৰ সমস্যা সমাধান কৰি আহিছে যদিও বৰ্তমান শিক্ষকৰ অভাৱে দুয়োখন বিদ্যালয়ৰ কৰ্তৃপক্ষকে সমস্যাত পেলাইছে যদিও দুয়োখন বিদ্যালয় কৰ্তৃপক্ষই নিজা খৰচত স্থানীয় অৰ্হতা সম্পন্ন যুৱক যুৱতী নিযুক্তি দি ছাত্ৰ ছাত্ৰীৰ পাঠদানৰ সমস্যা সমাধান কৰিছে । ইফালে স্থানীয়ভাৱে নামভৰ্তিৰ বাবেও মাজুলীত সহজলভ্য নহয় উপযুক্ত আৰু নিৰ্ভৰযোগ্য ব্যক্তিগত খণ্ডৰ বিদ্যালয় ৷ আনহাতে সম্প্ৰতি অভিভাৱকসকলে উদ্বিগ্নতাৰে বাট চাই আছে শিক্ষা বিভাগৰ পাঠদান সম্পৰ্কীয় ঘোষণালৈ ৷শিক্ষা বিভাগৰ নিৰ্দেশনাই এইসকল অভিভাৱক তথা ছাত্ৰ ছাত্ৰীয়ে বিচৰা মতে সপোনৰ বিদ্যালয়খনত পঢ়াৰ সুযোগ পাবনে ? সেয়া সময়েহে ক’ব ।

Exit mobile version