৮ জুনত খুলিব হোটেল-ৰেস্তোৰা

milano s

কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ দেশজুৰি প্ৰায় দুমাহ তলাবন্ধ অব্যাহত আছে ৷সেইসময়তে ৮ জুনৰ পৰা কেন্দ্ৰীয় চৰকাৰে ৰেস্তোৰাসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে। কিন্তু ৰেস্তোৰাসমূহ খোলাৰ অনুমতি দিলেও কৰ’নাৰ কাৰণে মানিব লাগিব কিছুমান নীতি নিয়ম ।এই নীতি নিয়মসমূহ সকলো ঠাইতে বাধ্যতামূলক ।ইতিমধ্যে পঞ্চ তাৰকা হোটেলসমূহত এই সন্দৰ্ভত নীতি নিয়ম লোৱা আৰম্ভ হৈছে ।দেশৰ আগশাৰীৰ এখন হোটেলৰ চি ই অ’ই জনোৱা অনুসৰি কৰ’না ভাইৰাছ সংক্ৰমণ যাতে নহয় লগতে পৰিস্কাৰ পৰিচ্ছন্নতা আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ সাম্প্ৰতিক সময়ত ডিজিটেল অৰ্ডাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

গ্ৰাহকে মোবাইলতে পৰিদৰ্শন কৰিব পাৰিব পছন্দৰ ৰেস্তোৰাখনৰ পাকঘৰ৷ আৰু খাদ্য ৰন্ধাৰ সময়ত ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই পৰিস্কাৰ পৰিচ্ছন্নতা অব্যাহত ৰাখিছেনে নাই সেই সম্পৰ্কেও প্ৰত্যক্ষ কৰিব পাৰিব গ্ৰাহকে ৷ আনহাতে গ্ৰাহকসকলে খাদ্য বস্তু নিজৰ পচন্দ অনুসৰি অৰ্ডাৰ দিওতে দিয়া নগদ ধন অনলাইন কৰিব পাৰিব ৷লগতে হোটেল ৰেস্তোৰা কৰ্মীসকলে মাস্ক পৰিধান কৰাৰ ওপৰিও সঘনাই হাত ধুই থাকিব লাগিব ৷ গ্ৰাহক -কৰ্মী সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব। একাংশ হোটেলত আকৌ শৰীৰৰ তাপমাত্ৰা জোখাৰো ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে কিছুমান সংখ্যক হোটেলত এপৰ মাধ্যমেৰে আগতীয়াকৈ আসন সংগ্ৰহ কৰাৰ লগতে এপটেই খাদ্যও অৰ্ডাৰ দিব পাৰিব গ্ৰাহকে ।

Exit mobile version