আমেৰিকাত চীনা বিমানৰ প্ৰৱেশ নিষিদ্ধ কৰিলে ট্ৰাম্পে

donaldtrum

ক’ভিড-১৯ ৰ পৰিস্থিতিত চীন আৰু আমেৰিকাৰ মাজৰ সংঘাত ক্ৰমাৎ তীব্ৰতৰ হৈছে।ক’ভিড-১৯সমগ্ৰ বিশ্বতে বিয়পালে বুলি চীনৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৰঙা চিনক ৰঙা চকু দেখুৱাবলৈ কোনো চেষ্টাৰ ক্ৰুটি কৰা নাই । এই চীন বিৰোধী পৰিস্থিতিত অধিক কঠোৰভাৱে ট্ৰাম্পে এইবাৰ ১৬জুনৰ পৰা সকলো ধৰণৰ চীনৰ যাত্ৰী বহিঃ বিমানৰ আমেৰিকাত প্ৰবেশত নিষেধাজ্ঞা জাৰী কৰে । এই মৰ্মে অহা ১৬ জুনৰ পৰা কোনো চীনা যাত্ৰীবাহী বিমান আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব। কালি ৱাছিংটনৰ চীনাযাত্ৰীক লৈ এনে কঠোৰ স্থিতিৰ পিছতে আজি এখোজ পিছুৱাই গৈ বেইজিঙে ঘোষণা কৰে যে ৰাষ্ট্ৰ খনলৈ ইমান দিনে ক’ৰনা ভাইৰাছৰ ভীতিগ্ৰস্ত তাৰ বাবে প্ৰবেশত বাধা থকা সকলো বিদেশী বিমান সীমাবদ্ধতাৰ মাজেৰে প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হৈছিল ।

এই মৰ্মে আমেৰিকাৰ বিমানৰ ক্ষেত্ৰত থকা নিষেধ আতঁৰিল চীনত।ট্ৰাম্পে সকলো ধৰণৰ চীনা বিমানৰ প্ৰবেশ অহা ১৬ জুনৰ পৰা কালি নিষেধ কৰাৰ পাছতে আজি পিছ হুহকে চীনে। যোৱা ১২ মাৰ্চত চীনৰ অসামৰিক বিমান প্ৰাধিকৰণে বিদেশী বিমান পৰিসেৱাৰ ক্ষেত্ৰত সীমাবদ্ধতা জাৰি কৰাৰ সিদ্ধান্ত লোৱাৰ সময়ৰ পৰাই ক্ষুব্ধ হৈ আছিল ট্ৰাম্প। কিয়নো এই মৰ্মে আমেৰিকাই সেইদিনাৰে পৰা চীন অভিমুখী সকলো বিমানৰ যাতায়ত বন্ধ কৰিবলগীয়া হৈছিল। অথচ আমেৰিকালৈ অব্যাহত আছিল চীনৰ বিমানসেৱা ।

মনকৰিবলগীয়া যে ক’ভিড-১৯ৰ পৰিস্থিতিত বিশ্বজুৰি যাত্ৰীবাহী বিমানৰ চলাচল বন্ধ হৈ আছিল।একমাত্ৰ মালবাহী আৰু বিভিন্ন দেশ নিজ নিজ দেশ লৈ নাগৰিকক ওভোটাই অনাৰ বাবে চলাচল কৰে বিশেষ বিমানৰ চলাচল অব্যাহত আছিল। ইয়াৰ পিছত কালি আমেৰিকাই ১৬জুনৰ পৰা চীনা বিমানৰ প্ৰবেশত নিক্ষেধাজ্ঞা জাৰি কৰাক লৈ বিশ্ব জুৰি উদ্বেগৰ সৃষ্টি হৈছে। দুই দেশৰ মাজত অৰ্থনৈতিক অচলাৱস্থাৰ সৃষ্টি হোৱাৰ আশংকা হৈছে। কঠোৰ ভাষাৰে বেইজিংক সমালোচনা কৰি মাৰ্কিন পৰিবহন বিভাগে কয়। “বিমান চলাচল সংক্ৰান্তীয় দ্বিপাক্ষিক চুক্তি চীনে উলংঘা কৰিছে। অৱশ্যে চীনৰ স’তে অহৰহ যোগাযোগ অব্যাহত আছে। ইয়াৰ মাজতে আমি নিৰ্ধাৰিত চীনা যাত্ৰী বিমান প্ৰৱেশ কৰিবলৈ অনুমতি দিম।চীনা চৰকাৰৰে আমাৰ যিমান সংখ্যক বিমান প্ৰৱেশ কৰিবলৈ অনুমতি দিব সিমান আমি দিম।”

মন কৰিবলগীয়া যে, বেইজিঙৰ ওপৰত চাপৰ সৃষ্টি কৰি লাডাখৰ সীমান্তত ভাৰত-চীনৰ মাজৰ উত্তেজনা পৰিস্থিতিত নতুন দিল্লীৰ কাষত থিয় দিয়াৰ বাৰ্তা প্ৰেৰণ কৰিছে ৱাছিংটনে।মাৰ্কিন সংসদৰ নিম্নকক্ষৰ বিদেশী নীতি সংক্ৰান্তীয় সমিতিৰ প্ৰধান এলিয়ট এঞ্জেলে স্পষ্টভাৱে কয়, “লাডাখ সীমান্তত চীনে শোষণ কৰা আগ্ৰাসী মনোভাৱ সমৰ্থন যোগ্য নহয় । চীনৰ এই আচৰণে উদ্বেগ বৃদ্ধি কৰিছে । কুটনৈতিক ভাবে সীমান্ত সমস্যাৰ সমাধান নকৰি বেইজিং যিদৰে বহুবল প্ৰয়োগৰ চেষ্টা চলাইছে সেয়া নিন্দনীয়।” আমেৰিকাই সৰ্বতোপ্ৰকাৰে চীনৰ ওপৰত চাপৰ চেষ্টা চলাইছে । চীনৰ বৃহৎ টেলিকম কোম্পানি হুৱাইৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰাৰ লগতে আমেৰিকাৰ বিত্তীয় বজাৰত তালিকা ভুক্ত চীনা কোম্পানীৰক কাজৰ তদন্তৰ নির্দেশ দিছে । এইদৰে ক্ৰমাৎ দুই দেশৰ মাজত সংঘাত বৃদ্ধি পাবলৈ ধৰিছে।

Exit mobile version