চিটি বাছ- মেজিক – ট্ৰেভেলাৰৰ ভাড়া বৃদ্ধি

BUS 4

Commuters try to travel in a city bus after state authorities eased restrictions, during the ongoing COVID-19 nationwide lockdown, in Guwahati, Monday,

ব্যাপক শিথিলতাৰে পহিলা জুনৰ পৰা বলবৎ হোৱা পঞ্চম পৰ্যায়ৰ তলাবন্ধৰ সুযোগ লৈ নিজ ইচ্ছানুসৰি অধিকাংশ যাএীবাহী বাহনে ভাড়া বৃদ্ধি কৰি সাধাৰণ যাএীক জ্বলা-কলা কৰিছে। সম্প্ৰতি অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধিনত সকলো যাত্ৰীবাহী বাহনৰ চলাচল অব্যাহত আছে যদিও অধিকাংশ বাহনে যাত্ৰীৰ পৰা অধিক হাৰত ভাড়া আদায় কৰাৰ অভিযোগ উঠিছে। উল্লেখ্য যে সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰতিখন যাত্ৰীবাহী বাহনক নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে চলাচল কৰিবলৈ অসম পৰিবহণ নিগমে অনুমতি প্ৰদান কৰিছে যদিও অধিকাংশই এই নিয়ম উলংঘা কৰি আহিছে। বিশেষকৈ যাত্ৰীবাহী বাহনসমূহত ৫০ শতাংশ যাএীৰ উপস্থিতি, চালক তথা বাছখনত থকা কৰ্মচাৰীক মাস্কৰ লগতে হেণ্ড গ্ল’ভছ পিন্ধা, সময়ে সময়ে ছেনিটাইজাৰ ব্যৱহাৰৰ নিৰ্দেশ দিয়া হৈছিল যদিও বহুতে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নাই।

ইফালে সংশ্লিষ্ট বাহনত উঠা যাত্ৰীৰ নাম, ঠিকনা আৰু পঞ্জীয়ন নম্বৰ লিপিবদ্ধ কৰি ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছিল যদিও বহুতৰে এই ক্ষেত্ৰত সজাগতা কম আৰু সংশ্লিষ্ট পক্ষই পঞ্জীয়ন নকৰিলেও বহু সচেতন লোকে নিজেই ৰেজিষ্টাৰ বহীখন খুজি নাম-ঠিকনা অন্তভূৰ্ক্ত কৰি আহিছে আহিছে। পঞ্চম পৰ্যায়ৰ তলাবন্ধৰ সময়ত ৰাজধানী মহানগৰীত দৈনিক চলাচল কৰিছে ১৯০ খন চিটিবাছৰ লগতে কেবা শতাধিক মেজিক ট্রেকাৰ। এই সকলো যাত্ৰীবাহী বাহন ৰাজ্যিক পৰিবহণ নিগমৰ তত্বাৱধানত চলাচল কৰি আছে। কিন্তু অধিকাংশ বাছ আৰু মেজিক ট্রেকাৰে এই দুৰ্যোগৰ সময়ত ভাড়া বৃদ্ধি কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। উল্লেখ্য যে অধিকাংশ চিটিবাছে তিনিৰ পৰা পাঁচ টকা, মেজিকে ২০-৩০ টকাকৈ ভাড়া বৃদ্ধি কৰি আহিছে যদিও এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট পক্ষই।

পঞ্জাবাৰীৰ পৰা গণেশবাৰীলৈ অহা এজন যাত্ৰীয়ে এই ভাড়া বৃদ্ধি কৰাৰ সন্দৰ্ভত কয়, ‘৫০ শতাংশ যাত্ৰীক লৈ তেওঁলোকৰ লোকচান হয় বুলি উল্লেখ কৰি বেছিকৈ লোৱা বুলি কৈছে । পূৰ্বতে বাছত লৈছিল ৭ টকা আৰু এইকেইদিন কে’বাখনো বাছে দহ টকাকৈ ভাড়া লৈছে। তেওঁলোকে নিজৰ লাভ বিচাৰি ভাড়া বৃদ্ধি কৰিছে। এয়া সেৱা বুলি ধৰি তেওঁলোকে ভাড়া বৃদ্ধি নকৰি চলাচল কৰিব পাৰিল হয়। ইয়াৰ উপৰি বতাহঘুলিৰ পৰা ছয়মাইললৈ ১০ টকাৰ সলনি ২০ টকা, বতাহঘুলিৰ পৰা বেলতলালৈ একোখন মেজিকে ১৫ টকাৰ পৰা ৪০-৫০ টকা পৰ্যন্ত ভাড়া লৈছে।’ ইফালে চান্দমাৰীৰ পৰা গণেশগুৰিলৈ একোখন বাছে সাত টকাৰ পৰিৱৰ্তে ১০-১২ টকা, শিলপুখুৰীৰ পৰা গণেশগুৰিলৈ ১২ টকাৰ পৰিৱৰ্তে ১৫-১৬ টকাকৈ ভাড়া আদায় কৰাৰ অভিযোগ উঠিছে। উল্লেখ্য যে চান্দমাৰীৰ পৰা গণেশগুৰিলৈ দৈনিক অহা-যোৱা এজন যাত্ৰীয়ে অভিযোগ কৰা মতে দুই এখন চিটিবাছে ৰেজিষ্টাৰ পৰিচালনাত গুৰুত্ব আৰোপ কৰা নাই।

ইপিনে, ৰাজ্যৰ যাত্ৰীবাহী অধিকাংশ বাহনে ইচ্ছাকৃতভাৱে ভাড়া বৃদ্ধি কৰাৰ সংক্রান্তত শেহতীয়াকৈ দৃষ্টিগোচৰ হোৱা কথা অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্ট ৰায়ে উল্লেখ কৰি কয়, ‘কিছু কিছু বাহনে ভাড়া বৃদ্ধি কৰাৰ কথা সংবাদমাধ্যমত দেখিছো যদিও যাত্ৰীৰ পৰা অভিযোগ পোৱা নাই। এই দূৰ্যোগৰ সময়ত নিজাববীয়াকৈ ভাড়া বৃদ্ধিৰ কৰা সন্দৰ্ভত ইতিমধ্যে পৰিবহণ বিষয়াৰ লগত আলোচনা কৰিছো। কাৰণ এই সময়ত সকলোৰে সমস্যা হৈছে। যদি অভিযোগ পাওঁ সেই বাহনৰ অনুজ্ঞাপত্ৰ আমি তাৎক্ষণিকভাৱে বাতিল কৰিম। সকলো যাএীবাহী বাহন বৰ্তমান সময়ত এএছটিছিৰ তও্বাৱধানত চলি আছে। সকলোকে ৫০ শতাংশ যাএী কঢ়িয়াবলৈ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে যাতে সামাজিক দূৰত্ব বৰ্তি থাকে।

যিকোনো চিটিবাছ বা অন্যান্য যাত্ৰীবাহী বাহনে এই নীতি নিয়ম উলংঘা কৰাৰ প্রত্যক্ষ কৰাৰ লগে লগে সংশ্লিষ্ট বাহনৰ নম্বৰ সমুহ অভিযোগ কৰক।কাৰণ এয়া ভেঙুচালি কৰাৰ সময় নহয়।ৰেজিষ্টাৰ ত যাত্ৰীৰ নামৰ লগতে সকলোৱে মাস্ক আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাব লাগিব।’ উল্লেখ্য যে তেওঁ সকলো যাত্ৰীকে এই ক্ষেত্ৰত সজাগ আৰু সচেতন হবলৈ আহ্বান জনোৱাৰ লগতে যদি কোনো চিটিবাছ নাইবা বাহনে নীতি-নিৰ্দেশনা পালন কৰাৰ ক্ষেত্ৰত কৃপনালি কৰে তেন্তে যাত্ৰীসকলে নিজৰ সুৰক্ষাৰ বাবে পৰামৰ্শ আগবঢ়াওক বুলি কয়।

Exit mobile version