প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদ মেল

EZueE43XYAEsj0C

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি সমগ্র ৰাজ্যজুৰি কংগ্রেছ কৰ্মীসকলে একোটাকৈ গছ পুলি ৰোপন কৰি বন আৰু পৰিবেশ সংৰক্ষণৰ শপত লয় । তেওঁলোকে কয় যে বিজেপি চৰকাৰৰ দিনত সমগ্র ৰাজ্যখনতে বনাঞ্চল আৰু জৈৱ বৈচিত্ৰৰ ধ্বংস যজ্ঞহে হৈছে । মুখ্যমন্ত্রী আৰু বিজেপি দলৰ বনাঞ্চল, পৰিবেশ আৰু জৈৱ বৈচিত্ৰৰ সংৰক্ষণ মাথো শ্লোগানতহে আবদ্ধ হৈ পৰিছে। বাস্তৱত আমাৰ দিহিং পাটকাই বৰ্ষাৰণ্য, ডিব্ৰু-চৈখোৱা অভয়াৰণ্য আদিত দৈনিক বন ধ্বংসৰ যজ্ঞহে চলিছে। এইবিলাকৰ সংৰক্ষণৰ কথা কোৱা বিজেপিৰ কেন্দ্র আৰু ৰাজ্য চৰকাৰে দিহিং পাটকাই বৰ্ষা অৰণ্যত কয়লাৰ মুক্ত খননৰ অনুমতি দিছে আৰু ডিব্ৰু-চৈখোৱা বনাঞ্চলতো হাইড্ৰ’কাৰ্বন অন্বেষণৰ বাবে অনুমতি দিছে।

যাৰফলত আমাৰ সমগ্র জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি নামি আহিছে। প্ৰাকৃতিক সম্পদ আৰু জৈৱ বৈচিত্ৰৰে পৰিপূৰ্ণ দুয়োখন বনাঞ্চলেই ধ্বংসৰ গৰাহত পৰিব। আনহাতে কংগ্রেছ দলৰ চৰকাৰ থাকোঁতে আমি প্ৰকৃতাৰ্থত এই বৰ্ষাৰণ্য আৰু বনাঞ্চল সমূহ সংৰক্ষণৰ ওপৰত গুৰুত্ব প্রদান কৰিছিলো। ২০০৩ চনতে মুক্ত কয়লা খননৰ লীজ বন্ধ হোৱাৰ পাছতো এই অঞ্চলৰ জৈৱ বৈচিত্ৰৰ প্ৰতি দৃষ্টি ৰাখি সেই সময়ৰ কংগ্রেছ চৰকাৰে ইয়াৰ ম্যাদ বৃদ্ধি কৰা নাছিল। বৰঞ্চ ২০০৩ চনত বৰ্ষা অৰণ্যৰ এটা খণ্ডক Dehing Patkai Elephant Reserve আৰু ২০০৪ চনত Dehing Patkai Wild life Sanctuary হিচাপে ঘোষণা কৰি ইয়াৰ সংৰক্ষণতহে গুৰুত্ব দিয়া হৈছিল। কিন্তু মুখত প্ৰকৃতি সুৰক্ষা, প্ৰদূষণমুক্ত অসমৰ কথা কোৱা সোণোৱাল চৰকাৰে দিহিং পাটকাই অঞ্চলত আজি মুক্ত কয়লা খননৰ অনুমতিহে প্রদান কৰিছে।

ৰাজ্যিক পর্যায়ৰ State Wildlife Board ৰ সভা অনুষ্ঠিত কৰি মুখ্যমন্ত্রী সোণোৱালে এই অনুমতি প্ৰদান কৰিলে। এই বোৰ্ডৰ অধ্যক্ষ হৈছে খোদ মুখ্যমন্ত্রী নিজে। এই কাৰ্য্যৰ বিৰুদ্ধে সমগ্র ৰাজ্যজুৰি প্ৰতিবাদ হোৱাৰ পাছত মুখ্যমন্ত্রীয়ে ৰাইজক আভুৱা ভাৰি তেওঁ ৰাজ্যৰ বনমন্ত্রী জনক দিহিং পাটকাই অঞ্চললৈ পঠিয়াই তদন্ত কৰিবলৈ দিছে। স্বয়ং মুখ্যমন্ত্রীয়েই মুক্ত খননৰ বাবে অনুমতি দিয়াৰ পাচত তেওঁৰ মন্ত্রীয়ে গৈ তাত কি অনুসন্ধান কৰিব? ইয়াতকৈ আৰু বহুৱালি কিবা হ’ব পাৰেনে? সোণোৱাল চৰকাৰে সাপ হৈ খুতিছে আৰু বেজ হৈ জাৰিছে। তেওঁলোকে অসমৰ মানুহক মূৰ্খ সাজিব বিচাৰিছে। আমি প্ৰদেশ কংগ্ৰেছে যিকোনো মূল্যৰ বিনিময়ত এই দুয়োটা অঞ্চল সংৰক্ষণৰ ব্যৱস্থা গ্রহণ কৰিম। প্ৰয়োজনত ৰাইজৰ সহযোগত ৰাইজৰ সৈতে আন্দোলন কৰিম ।

অনতিপলমে প্ৰদেশ কংগ্ৰেছৰ ফালৰপৰা মহামান্য ৰাজ্যপালৰ যোগেদি দেশৰ প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰকপত্র প্ৰদান কৰিম।  ইপিনে তলাবন্ধৰ সময়ছোৱাত অসমত নিতৌ কয়লাৰ চোৰাং বেহা চলিছে । দিহিং পাটকাই অঞ্চলৰ পৰাও নিতৌ শ শ অবৈধ কয়লাৰ ট্রাক চলাচল কৰি আছে । এই চোৰাং বেহা আৰু ছিণ্ডিকেটৰ বিৰুদ্ধে কংগ্রেছেই নহয় খোদ শাসকীয় দলৰ বিধায়কেও উত্থাপন কৰিছে । বিজেপি দলে যদি ভাবিছে যে চোৰাং কয়লা বেহাৰ টকাৰে তেওঁলোকে আগন্তুক বিধানসভা নির্বাচনত ভোটাৰক প্ৰভাৱিত কৰিব পাৰিব তেন্তে তেওঁলোক মূৰ্খৰ স্বৰ্গত বাস কৰিছে । এইদৰে কয় বৰাই ।

Exit mobile version