মহানগৰীৰ সাধনী ভৱনত বিশ্ব পৰিৱেশ দিৱস পালন

মানৱ জীৱনত সেউজ আৰু স্বাস্থ্যসন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কত বিশ্বজুৰি সজাগতা সৃষ্টিৰ মূল লক্ষ্য লৈ প্ৰতিবছৰে পাঁচ জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰি অহা হৈছে | ১৯৭৩ৰ পৰা পাঁচ জুনৰ দিনটোত পালন কৰি অহা এই দিৱসৰ জৰিয়তে চাৰিওফালে মূৰ দাঙি ধৰা পৰিৱেশজনিত সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি, সমাজৰ প্ৰতিজন লোকেই যাতে পৰিৱেশ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত দায়বদ্ধ প্ৰকাশ পায় তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি অহা হৈছে | ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে ৰাজধানী মহানগৰীতো আজি বিভিন্ন স্থানত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে |

ADVERTISEMENT

মহানগৰীৰ বৰবাৰীৰ মেগজিনস্থিত বীৰাঙ্গনা সাধনী ভৱনৰ চৌহদটো প্ৰায় অৰ্ধ শতাধিক গছ পুলি ৰোপণ কৰি এই দিৱস পালন কৰে | উচ্চ ন্যায়ালয়ৰ অধিবক্তা কবিন শইকীয়া,সাংবাদিক ৰণ্টু নেওগ, ব্যৱসায়ী বুধিন হাজৰিকা, চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক কুণ্ডিল চুতীয়া, কামৰূপ মহানগৰ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত তালুকদাৰ আদিয়ে অংশ লোৱা এই কাৰ্যসূচীত তলাবন্ধৰ সকলো নীতি-নিৰ্দেশনাৰ মাজেৰে কৃষ্ণচুৰা, দেৱদাৰু গছৰ লগতে জলফাই, মধুৰি আদি ফলমুলৰ পুলি ৰূপন কৰে |

Exit mobile version