উদ্যম অসম কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Sarbananda Sonowal e1545614338189

ৰাজ্যখনৰ পৰম্পৰাগত সামগ্ৰীসমূ মূল্য সংযোজনৰ বাবে উদ্ভাৱনীমূলক ধাৰণাৰ প্ৰয়োগৰ বাবে আহ্বান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। আজি মহানগৰীৰ আমবাৰীত “আছাম ষ্টাৰ্ট আপ দ্য নেষ্ট’ৰ সফলতা উদযাপনৰ বাবে আয়োজিত “উদ্যম অসম” শীৰ্ষক এক অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি এই আহ্বান জনায় মুখ্যমন্ত্ৰী সোনোৱালে। এই অনুষ্ঠানত সোনোৱালে কয় যে একবিংশ শতিকা হৈছে প্ৰযুক্তিৰ যুগ। জনজীৱনৰ প্ৰতিটো ক্ষেত্ৰতে এতিয়া প্ৰযুক্তিয়ে প্ৰভাৱ বিস্তাৰ কৰিছে ৷ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ হ’লে আমি উদ্ভাৱনীমূলক ধাৰণাৰ আশ্ৰয় ল’ব লাগিব। সেয়েহে আমাৰ স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীসমূহৰ মূল্য সংযোজনৰ বাবে নবীন উদ্যোগীসকলে উদ্ভাৱনীমূলক ধাৰণা সংযোজন ঘটোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। পৰম্পৰাগত সাজ পোছাক,কাঁহ পিতলৰ সামগ্ৰী আদিৰ দৰে ৰাজ্যখনৰ কুটীৰ উদ্যোগসমূহৰ সামগ্ৰীত সকলো উপাদানেই নিহিত হৈ থাকে ৷

প্ৰধানমন্ত্ৰী মোডীয়ে সূচনা কৰা ষ্টাৰ্ট আপ ইণ্ডিয়া, স্কীল ইণ্ডিয়া আৰু মেক ইন ইণ্ডিয়াৰ দৰে কাৰ্যসূচীয়ে ভাৰতীয় উদ্যোগিকসকলক গোলকীয় প্ৰেক্ষাপটত সমভাৱে প্ৰতিদ্বন্দিতা কৰাৰ এক ডাঙৰ সুযোগ আনি দিলে। ইফালে ৰাজ্যৰ যুৱ প্ৰজন্মক উদ্ভাৱনীমূলক ধাৰণাৰে সবল হ’বলৈ আহ্বান জনায় । সোনোৱালে কয় যে যুৱ উদ্যোগীসকলে লাভ কৰা সাফল্যই ৰাজ্যৰ নৱ প্ৰজন্মক ষ্টাৰ্ট আপক কেৰিয়াৰ হিছাপে লোৱাত উৎসাহ যোগাব। আজিৰ অনুষ্ঠানত সোনোৱালে মাই আছাম ষ্টাৰ্ট আপ আইডি অধীনত এই কেন্দ্ৰই উদগনি জনোৱা ৩১ টা ষ্টাৰ্ট আপলৈ বিত্তীয় অনুদানৰ প্ৰথম কিস্তিৰ চেকসমূহ বিতৰণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে গোলকীয় ব্যৱসায়িক বজাৰখনৰ পৰিৱৰ্তিত ধাৰাৰ স’তে খাপ খুৱাই যুৱ উদ্যোগীসকলক আগবঢ়াই লৈ যোৱাৰ বাবে গ্ৰহণ কৰা “আছাম ষ্টাৰ্ট আপ দ্য নেষ্ট হৈছে চৰকাৰখনৰ এক সপোনৰ প্ৰকল্প। ২০১৭ চনত অসম দক্ষতা উন্নয়ন বিভাগ স্থাপনৰ জৰিয়তে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত নিজৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা স্পষ্টৰূপত প্ৰতিফলিত কৰিছে । অনুষ্ঠানৰ অংশ হিচাপে আছাম ষ্টাৰ্ট আপ দ্য নেষ্টে আজি “দ্য ইণ্ড ইউ এছ এন্টাৰপ্ৰিনিউৰছ” আৰু সংগম ভেনচাৰ্ছ” নামৰ দুটা সংস্থাৰ লগত বুজা বুজিৰ চুক্তিতো স্বাক্ষৰ কৰে।

Exit mobile version