কাৰ্বি আংলং আৰক্ষীৰ পুনৰ সফল অভিযান

karbi anglong1

এতিয়াও চলি আছে নতুন সদস্য ভৰ্ত্তি অভিযান

এটা সপ্তাহৰ ভিতৰতে কাৰ্বি আংলং আৰক্ষীয়ে দুটাকৈ সফল অভিযান চলাবলৈ সক্ষম হৈছে কাৰ্বি আংলং আৰক্ষী ৷ যোৱা ১ জুনত কাজিৰঙাত সংঘটিত গড় হত্যাৰ লগত জড়িত চোৰাং চিকাৰীৰ ঘাটি উৎখাত কৰাৰ পাছত আজি কাৰ্বি আংলং আৰক্ষীয়ে বিশেষ সূত্ৰৰ ভিত্তিত উৎখাত কৰিবলৈ সক্ষম হয় কাৰ্বি আংলংৰ সক্ৰিয় বিদ্ৰোহী সংগঠন পিপলছ ডেমক্ৰেটিক কাউঞ্চিল অফ কাৰ্বি লংৰি চমুকৈ পিডিচিকেৰ এটা সশস্ত্ৰ দলে আশ্ৰয় লৈ থকা এটা ঘাটি ৷

আৰক্ষীৰ সূত্ৰ অনুসৰি ডকমকা থানাত পঞ্জীয়ন হোৱা ১৯/২০ নম্বৰৰ গোচৰৰ ভিত্তিত আজি পুৱতি নিশা ১২-৩০ বজাৰ পৰা ৪ বজাৰ ভিতৰত তিনিঘণ্টাৰো অধিক সময় চলা এই অভিযানত ডকমকা থানাৰ অন্তৰ্গত থেৰেবাচা গাঁৱৰ পৰা আৰক্ষীয়ে চাৰিজনকৈ উগ্ৰপন্থী ক্ৰমে প্ৰাক্তন স্বয়ম্ভু সেনা প্ৰধান তথা বৰ্তমানৰ গৃহ সচিব ফ্ৰাঞ্চিস তেৰাং ওৰফে ডেভিড মুকৰাং, চাৰ্জেণ্ট নমানৰিচি ৰেংমা ওৰফে অ’কভি ৰেংমা, নুতনকৈ সংগঠনটোত ভৰ্ত্তি হোৱা দুই সদস্য ক্ৰমে ৰুছভেল্ট ইংতি আৰু আংটং ৰংপিক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে কে’বাটাও মৰণাস্ত্ৰ, নগদ ধন, সামৰিক পোচাক আৰু শিবিৰত ব্যৱহৃত অন্যান্য সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দহ ৰাউণ্ড সজীৱ গুলীসহ দুটা ৭.৬৫ পিষ্টল, নগদ তিনিলাখ এহেজাৰ টকা , ডিমাণ্ড লেটাৰ, দুযোৰ সামৰিক পোছাক, এটা লেপটপ, ৯খন চিমকাৰ্ড সহ চাৰিটা মবাইল ফোন, বুট জোতাকে ধৰি অন্যান্য সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আজিৰ এই অভিযানৰ নেতৃত্ব দিছিল কাৰ্বি আংলংৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, উপ আৰক্ষী অধীক্ষক নাহিদ কৰিস্মা, বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাস আৰু ডকমকা, খটখটী, ডিলাই, ৰংমংৱে, মাঞ্জা থানাৰ আৰক্ষী বাহিনীয়ে ৷

Exit mobile version