চৰকাৰৰ ক’ভিড যুদ্ধৰ পুঁজিলৈ ওদালগুৰিৰ শিক্ষাৰ্থীৰ সাহাৰ্য্য

udalguri

অসম চৰকাৰৰ কভিড-১৯ যুদ্ধৰ সাহাৰ্য্য পুঁজিলৈ এইবাৰ সাহাৰ্য প্ৰদান কৰিছে ওদালগুৰি জিলাৰ ওৰাং অঞ্চলৰ চাৰিগৰাকী শিক্ষাৰ্থীয়ে। ওদালগুৰি জিলাৰ ওৰাং টিচাৰ্ছ কলনীৰ বাসিন্দা শিক্ষাৰ্থী প্ৰগতি প্ৰধান, শতাব্দী কাশ্যপ, বন্দিতা দাস আৰু দ্বীপশিখা শৰ্মাই নিজৰ প্ৰসাদিপ্তা নামৰ গোটৰ দ্বাৰা তেওঁলোকৰ অঞ্চলৰ বিভিন্নজন লোকৰ পৰা সাহাৰ্য্য সংগ্ৰহ কৰি তথা নিজৰ কিছু সাঁচতীয়া ধনসহ ১০,০১০ টকা আগবঢ়াই অসম চৰকাৰৰ ক’ভিড-১৯ যুদ্ধৰ বাবে থকা সাহাৰ্য্য পুঁজিত।

আজি ছাত্ৰীকেইগৰাকীয়ে ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ৰিহন দৈমাৰীৰ ওদালগুৰিস্থিত বাসগৃহত উপস্থিত হৈ মন্ত্ৰীগৰাকীৰ জৰিয়তে চৰকাৰৰ পুঁজিলৈ এই সাহাৰ্য্য প্ৰেৰণ কৰে। বৰ্তমান ৰাজ্যজুৰি ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰা ক’ভিড-১৯ৰ ভয়াবহতাৰ পৰিস্থিতিৰ বাবে ছাত্ৰীকেইগৰাকীয়ে নিজাববীয়াকৈ কিবা কৰাৰ চিন্তা কৰিছিল ।

পাছত তেওঁলোকে ওলাই আহি অঞ্চলটোৰ লোকসকলৰ পৰা সাহাৰ্য্য সংগ্ৰহ কৰি এই পদক্ষেপ গ্ৰহণ কৰাৰ লগতে আগন্তুক দিনতো সাধ্যানুসাৰে সহায় কৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। শিক্ষাৰ্থী কেইগৰাকীৰ পৰা সাহাৰ্য্য গ্ৰহণ কৰি মন্ত্ৰী ৰিহন দৈমাৰীয়ে ছাত্ৰীকেইগৰাকীৰ এই মহৎ মনোভাৱক প্ৰশংসা কৰি ধন্যবাদ জ্ঞাপন কৰে। সাংবাদিকৰ আগত উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কণ কণ শিশুৰ পৰা আৰম্ভ কৰি সকলো পৰ্যায়ৰ লোকে বৰ্তমান কৰ’নাৰ ভয়াবহতাৰ কথা অনুধাৱন কৰিছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ সহযোগিতাত কে’বা কোটি টকাৰ সাহাৰ্য্য লাভ কৰিছে চৰকাৰখনে। এই ধন আমি ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত ব্যয় কৰিব পাৰিম। লগতে ৰাজ্যৰ সদাশয় আন লোকসকলকো এইক্ষেত্ৰত ওলাই আহি চৰকাৰক সহায় কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

Exit mobile version