দক্ষিণ কামৰূপৰ বকোৰ টুপামাৰী-ৰংগেশ্বৰীত মুঠ তিনিজন যুৱক কৰ’নাত আক্ৰান্ত

kamrup

দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত ৰংগেশ্বৰীপাম আৰু টুপামাৰীৰ তিনিজনৰ শৰীৰত ক’ভিড-১৯ পজিটিভ হোৱাৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য মতে, চেন্নাইৰ পৰা অহা ক্ৰমে বকোৰ ১নং টুপামাৰীৰ আলম হুছেইন, ৰংগেশ্বৰী পামৰ আকবৰ আলী আৰু শ্বহিদুল ইছলাম নামৰ তিনিজন যুৱকৰ স্বাব পৰীক্ষাৰ পাছত তেওঁলোকৰ শৰীৰত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে । ইয়াৰে শ্বহিদুল ইছলাম মিৰ্জা পতঞ্জলিত কোৱাৰেণ্টাইনত থকাৰ বিপৰীতে আলম হুছেইন আৰু আকবৰ আলী নিজ ঘৰতে কোৱাৰেণ্টাইনত আছিল। হোম কোৱাৰেণ্টাইনত থকা যুৱক দুজনও পূৰ্বে মিৰ্জা পতঞ্জলিত আৰু আমিনগাঁওৰ কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল যদিও কেইদিনমান পূৰ্বে দুয়োজনকে ঘৰলৈ পঠিয়াই দিয়ে।

শনিবাৰে বিয়লি ভাগত এই খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । ইফালে যুৱক দুজনৰ স্বাব পৰীক্ষাৰ ৰিজাল্ট অহাৰ পূৰ্বেই তেওঁলোকক স্বাস্থ্য বিভাগে ঘৰলৈ পঠিয়াই দিয়াত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে অঞ্চলটোৰ একাংশই । ইতিমধ্য হোম কোৱাৰেণ্টাইনত থকা দুয়োজনকে স্বাস্থ্য বিভাগে গুৱাহাটীত ক’ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইফালে আলম হুছেইন আৰু আকবৰ আলীৰ পৰিয়ালৰ আটাইকেইগৰাকী সদস্যক হোম কোৱাৰেণ্টাইনত থাকিবলৈ দিয়াৰ লগতে দুয়োজনৰ ঘৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধ অঞ্চল কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে স্থানীয় প্ৰশাসনে ।

Exit mobile version