ধেমাজিত পুনৰ ১১ জন লোকৰ শৰীৰত ক’ভিড-১৯ পজিটিভ

123597 coronavirus 2

ধেমাজি জিলাত আজি পুনৰ ১১ জন লোকৰ শৰীৰত ক’ভিড-১৯ চিনাক্ত হয় । বহিঃ ৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইনত থকা অৱস্থাতে তেওঁলোকৰ পৰীক্ষাৰ ফলাফল পজিটিভ আহে | আক্রান্ত ১১ জন লোক হৈছে জিলাখনৰ জোনকাৰেংৰ চুচন দলে (২১), চিমেনচাপৰিৰ মুকেচ ঘোষ(১৯), ডিমৌ লামাৰ অৰুণ দলে (২২), কোলাজানৰ বলিন চন্দ্র টায়ে (২১), ডেকাপামৰ ধিৰাজ কামান (২৫), ধেমাজিৰ ৰাজু পেগু (৩৫), ধেমাজিৰ অজিত মেদক (৩০), মহৰিকেম্পৰ ৰাজ পাঠক (৩৬), চিমেনমুখৰ সৰ্বানন্দ মিলি (২২), মেনমুখৰ টিলেশ্বৰ মিলি (২২), চিমেনমুখৰ মুন চুনক্রাং (৩৫) ৷ তেওঁলোকক ইতিমধ্যে ধেমাজি অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে | আজি ক’ভিড-১৯ত আক্ৰান্ত ১১ জন লোকৰ স’তে জিলাখনত আক্রান্ত লোকৰ সংখ্যা ৫৫ জনলৈ বৃদ্ধি পাইছে ৷

ADVERTISEMENT
Exit mobile version