ধেমাজি জিলাত আজি পুনৰ ১১ জন লোকৰ শৰীৰত ক’ভিড-১৯ চিনাক্ত হয় । বহিঃ ৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইনত থকা অৱস্থাতে তেওঁলোকৰ পৰীক্ষাৰ ফলাফল পজিটিভ আহে | আক্রান্ত ১১ জন লোক হৈছে জিলাখনৰ জোনকাৰেংৰ চুচন দলে (২১), চিমেনচাপৰিৰ মুকেচ ঘোষ(১৯), ডিমৌ লামাৰ অৰুণ দলে (২২), কোলাজানৰ বলিন চন্দ্র টায়ে (২১), ডেকাপামৰ ধিৰাজ কামান (২৫), ধেমাজিৰ ৰাজু পেগু (৩৫), ধেমাজিৰ অজিত মেদক (৩০), মহৰিকেম্পৰ ৰাজ পাঠক (৩৬), চিমেনমুখৰ সৰ্বানন্দ মিলি (২২), মেনমুখৰ টিলেশ্বৰ মিলি (২২), চিমেনমুখৰ মুন চুনক্রাং (৩৫) ৷ তেওঁলোকক ইতিমধ্যে ধেমাজি অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে | আজি ক’ভিড-১৯ত আক্ৰান্ত ১১ জন লোকৰ স’তে জিলাখনত আক্রান্ত লোকৰ সংখ্যা ৫৫ জনলৈ বৃদ্ধি পাইছে ৷
ধেমাজিত পুনৰ ১১ জন লোকৰ শৰীৰত ক’ভিড-১৯ পজিটিভ
-
By publisher

Related Content
এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
By
publisher
March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
By
publisher
March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
By
publisher
March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
By
publisher
March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
By
publisher
March 11, 2026