আজিৰে পৰা খুলিল দৌল গোবিন্দ মন্দিৰৰ দুৱাৰ

Doul Govinda Temple Kamrup

সুদীৰ্ঘ ৭৮ দিনৰ অন্তত পুনৰ ৰাজ্যৰ মঠ মন্দিৰৰ দুৱাৰ আজিৰে পৰা খুলিবলৈ লৈছে । আজি পুৱা আঠ বজাত উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰৰ দুৱাৰ ভক্ত দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হয় যদিও মন্দিৰ দৰ্শনৰ ক্ষেত্ৰত সতৰ্কতা আৰোপ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে । ভক্তসকলৰ ক্ষেত্ৰত মন্দিৰত প্ৰবেশৰ বাবে মাস্ক পৰিধান,চেনিটাইজাৰৰ ব্যৱহাৰ কৰাৰ লগতে আছে আন কেতবোৰ সাৱধানতা ।

মন্দিৰত ভক্তই আগবঢ়াব নোৱাৰিব নৈবেদ্য ,আৰু ভক্তই লাভ নকৰিব নিৰ্মালি পদজল ৷ মন্দিৰত ছজন ভক্তইহে প্ৰবেশৰ অনুমতি লাভ কৰিব কিন্তু চেনিটাইজৰ অন্তত তিনিজনেহে মনিকুটত প্ৰবেশ কৰিব পাৰিব । এনে বহু নীতি নিয়ম তথা সতৰ্কতাৰ মাজেৰে ভক্তক দৌল গোবিন্দ দৰ্শনৰ অনুমতি প্ৰদানৰ বাবে সাজু হৈছে মন্দিৰ পৰিচালনা সমিতি।

ইপিনে দীৰ্ঘদিন মন্দিৰ বন্ধ থকাত কদৰ্য ৰূপ লোৱা সমগ্ৰ মন্দিৰ চৌহদ পৰিস্কাৰ কৰি চেনিটাইজ কৰা হয় । ইফালে মন্দিৰৰ প্ৰবেশ দুৱাৰত ভক্ত দৰ্শনাৰ্থীৰ নাম পঞ্জীয়নৰ ব্যৱস্থাও কৰে কৰ্তৃপক্ষই । আনহাতে আনলক ১ ৰ আৰম্ভণিতে দোলগোবিন্দ মন্দিৰত ভক্তৰ উপস্থিতি সেৰেঙা যদিও পৰৱৰ্তী দিনত পূৰ্বৰ দৰে হ’ব বুলি আশা ব্যক্ত কৰিছে মন্দিৰ পৰিচালনা সমিতিৰ কৰ্মকৰ্তা গনেশ দাসে । উল্লেখযোগ্য যে ,কৰ’না সংক্ৰমণৰ প্ৰতি সতৰ্কতা ৰক্ষা কৰি মন্দিৰ পৰিচালনা সমিতিয়ে আদৰিব প্ৰতিজন ভক্তক ।

Exit mobile version