ক’ভিড-১৯ ত আক্ৰান্ত হৈছে নেকি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ?

kejri 4

ক’ভিড-১৯ত আক্ৰান্ত হৈছে নেকি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল? সম্প্ৰতি এই সন্দৰ্ভত চৰ্চা চলিছে দিল্লীৰ ভিতৰ চ’ৰাত ৷ দৰাচলতে জ্বৰ আৰু ডিঙিৰ বিষত ভূগিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ৷ ইয়াৰ পিছতে কেজৰিৱালে নিজকে আইছ’লেছনত ৰাখে । আৰু মংগলবাৰে কেজৰিৱালে কৰ’নাৰ পৰীক্ষা কৰাব ৷ ইফালে অৰবিন্দ কেজৰিৱাল জ্বৰত আক্ৰান্ত হোৱাৰ পিছতেই তেওঁৰ সকলো বৈঠক বাতিল কৰা হয় । আম আদমী পাৰ্টিৰ এজন শীৰ্ষ নেতাৰ মত অনুসৰি ইতিমধ্যে কেজৰিৱালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিছে আৰু মংগলবাৰে কৰ’নাৰ পৰীক্ষা কৰাব ।

আনহাতে কেজৰিৱালে দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি দিল্লীৰ চিকিৎসালয়, সীমা আদি বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে সদৰী কৰিছিল । লগতে আজিৰে পৰা উত্তৰ প্ৰদেশ,হাৰিয়ানাৰ লগত সম্পৰ্কিত সকলো সীমা খুলি দিয়া হ’ব বুলি সিদ্ধান্ত লৈছে কেজৰিৱাল চৰকাৰে ৷ ইয়াৰোপৰিও দিল্লীৰ লোকসকলে দিল্লীৰে চিকিৎসালয়ত চিকিৎসা কৰাৰ বিপৰীতে, দেশৰ অন্য ঠাইৰ পৰা অহা লোকসকলে কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসালয়সমূহত চিকিৎসা কৰাব পাৰিব ৷

Exit mobile version