তামুলপুৰৰ চৰনজংঘলত পাগলাদিয়াৰ খহনীয়াত সৰ্বস্বান্ত হ’ল ৩৫ টা পৰিয়াল

IMG 20200608 WA0076

তামুলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চৰনজংঘলত পাগলাদিয়া নদীৰ গৰাখহনীয়াই সংহাৰীৰূপ ধাৰণ কৰিছে । নৈখনৰ খহনীয়াত ইতিমধ্যে ৩৫ টা পৰিয়াল সকলো হেৰৱাবলগীয়াত পৰিছে । বিগত পাঁচটা বছৰ ধৰি পাগলাদিয়াৰ গৰাখহনীয়াই চৰনজংঘল , উপৰচৰীয়া, কান্দুলীমাৰা আৰু ঘোঁৰামাৰা গাঁৱৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে । অনাগত দিনত নৈখনৰ গৰাখহনীয়া ৰোধ কৰিব নোৱাৰিলে নৈখনৰ গাতে লাগি থকা চৰনজংঘলৰ ভালেকেইটা পৰিয়াল, তামোল-নাৰিকলৰ বাৰী, চৰনজংঘল বাথৌগুৰি প্ৰাথমিক বিদ্যালয়খন মানচিত্ৰৰ পৰা নিশ্চিহ্ন হৈ পৰিব ।

স্থানীয় পাগলাদিয়া বান্ধ খহনীয়া প্ৰতিৰোধ সমিতিৰ সভাপতি কেশৱ দাস আৰু সম্পাদক সঞ্জীব বড়োই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, স্থানীয় বিধায়ক ইমানুৱেল ম’ছাহাৰী আৰু সাংসদ বিজিত গৌৰা নাৰ্জাৰীক নৈখনৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে বহুবাৰ কাকূতি-মিনতি কৰাৰ পিচতো কোনো সুফল নাপালে । সততে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সক্ৰিয় হৈ উঠা স্থানীয় বিধায়ক ইমানুৱেল ম’ছাহাৰীয়ে নৈখনৰ খহনীয়া ৰোধৰ বাবে ৬৫ লাখ টকাৰ আঁচনি গ্ৰহণ কৰা বুলি বিগত বাৰিষাতেই ৰাইজক কৈছিল যদিও পুনৰ বাৰিষা নামি অহাৰ পিচত আঁচনিখনৰ অস্তিত্বই নোহোৱা হ’ল ৷ ইফালে ৰাইজে আঁচনিখনৰ সন্দৰ্ভত বিধায়কগৰাকীক প্ৰশ্ন কৰাত অনুমোদন নহ’ল বুলি মত ব্যক্ত কৰে । আনহাতে বিধায়কগৰাকীৰ ৰাইজৰ প্ৰতি দেখুৱা চৰম অৱজ্ঞাত অঞ্চলটোৰ ৰাইজ ক্ষোভিত হৈ পৰাৰ লগতে গাঁৱখনৰ পাঁচটা চুবুৰীৰ ৰাইজে মাৰ বান্ধি পাগলাদিয়াক ৰোধিবলৈ সংকল্প গ্ৰহণ কৰে ।

স্থানীয় সমাজকৰ্মী মহেন্দ্ৰ ৰাভা আৰু বান্ধ প্ৰতিৰোধ সমিতিৰ নেতৃত্বত আজি দুই শতাধিক ৰাইজে প্ৰতিটো পৰিয়ালৰ পৰা নগদ ধন আৰু বাঁহ চাৰি পাঁচ ডালকৈ তুলি নৈখনত বাঁহেৰে পাৰ্কুপাইনৰ ব্যৱস্থা কৰে । যদিও বাৰিষা কালত ভুটান পাহাৰৰ পৰা তীব্ৰ বেগেৰে বৈ অহা পাগলাদিয়াক বাঁহৰ পাৰ্কুপাইনেৰে ৰোধ কৰা সম্ভৱ নহয়  ৷ গৰাখনীয়া স্থানৰ উত্তৰফালে কেনেল কাটি পকী বান্ধ নিৰ্মাণ কৰিলেহে খহনীয়া ৰোধ কৰা সম্ভৱ হ’ব নহ’লে চৰনজংঘল গাঁৱখনৰ লগতে উপৰচৰীয়া ,কান্দুলীমাৰা আৰু ঘোৰামাৰা গাঁৱৰ বহুকেইটা পৰিয়াল উছন হোৱাৰ লগতে বিস্তৰ কৃষিভূমিৰ ক্ষতিসাধন হ’ব । আজি বান্ধ নিৰ্মাণস্থলীত ৰাইজে বিটিচি প্ৰশাসন তথা অসম চৰকাৰক বিত্তীয় বৰ্ষতে গৰাখহনীয়া ৰোধৰ বাবে এখন.আঁচনি যুগুত কৰি বৃহত্তৰ অঞ্চলটো খহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান কৰে ৷

Exit mobile version