দেশজুৰি ৰেল কৰ্মচাৰীৰ ‘কলা’ দিৱস

railway

শ্ৰম আইন সংশোধন,কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া ভাট্টা কৰ্তন আৰু দেশৰ লাভজনক উদ্যোগসমূহ পুঁজিপতিৰ হাতত গটাই দিয়া আদি সিদ্ধান্তৰ বিৰোধিতাৰে অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচন আৰু এনএফ ৰেলৱে মজদুৰ ইউনিয়নে সোমবাৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাে।

‘ক’লা দিৱস’ নামাকৰণে ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচনৰ সভাপতি তথা এনএফ ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাস গুপ্তই কয়-“দেশবাসী তলাবন্ধৰ ফলত ঘৰত আৱদ্ধ হৈ থকাৰ সুযোগ লৈ কেন্দ্ৰীয় চৰকাৰে শ্ৰমিক বিৰোধী কাৰ্যত লিপ্ত হৈছে।দেশৰ লাভজনক উদ্যোগসমূহ বিক্ৰী কৰিবলৈ ধৰিছে। শ্ৰমিকৰ কৰ্তব্যৰ সময় আঠ ঘণ্টাৰ পৰা বৃদ্ধি কৰি বাৰ ঘণ্টা কৰি শ্ৰম আইন সংশোধন কৰিছে।”

Exit mobile version