কিছুমান মানুহ কেতিয়াও কৰ’না ভাইৰাছৰ দ্বাৰা আক্রান্ত নহ’ব 

123597 coronavirus 2
এক শ্ৰেণীৰ মানুহৰ শৰীৰত থকা ‘টি চেল’ৰ দ্বাৰা তেনে লোকসকলে প্ৰাণঘাতী কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰে ।ক’বলৈ গ’লে টি চেলে সুৰক্ষা কবচৰ ভূমিকাৰে তেনে লোকসকলক কৰ’নামুক্ত কৰি ৰাখিব পাৰে।এনে কাৰণত এই শ্ৰেণীৰ লোকসকলে কেতিয়াও কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সন্মুখীন নহ’ব ।
আন কোনো ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ কাৰণে এনে লোকসকলৰ শৰীৰত ভাইৰাছে বিৰোধী টি চেল তৈয়াৰ হয় ।যাৰ দ্বাৰা এনে চেলে কৰ’না সংক্ৰমণক বাধা দি ৰাখিব পাৰে ।চিকিৎসা বিজ্ঞানৰ ভাষাত এই সক্ষমতাক ‘ক্ৰছ ৰিয়েক্টিভিটি’ বুলি কোৱা হয় ।ইয়াৰ বাহিৰেও বিজ্ঞানীসকলে দাবী কৰা অনুসৰি যিসকল লোকৰ শৰীৰত সম্যকভাৱে কৰ’না ভাইৰাছৰ উপসৰ্গই দেখা দিছিল তেনে লোকসকলৰ শৰীৰতো এনে টি চেল তথা ‘এন্টিবডী’ প্ৰস্তুত হ’ব পাৰে ।
যাৰ দ্বাৰা ভৱিষ্যতলৈ ভাইৰাছৰ দ্বাৰা সংক্ৰমণৰ পৰা তেনে লোকসকল সুৰক্ষিত হৈ থাকিব ।এই গৱেষণাৰ সহকাৰী লেখক আলেচান্দ্ৰো ছেটে কয় যে টি চেলে অতিকৈ দ্ৰুত তথা শক্তিশালীভাৱে ৰোগ প্ৰতিৰোধ প্ৰতিক্ৰিয়া দেখুৱাব পাৰে ।ভাইৰাছে শৰীৰত প্ৰসাৰ লাভ কৰিবলৈ চেষ্টা কৰি থাকিলেও ৰোগ প্ৰতিৰোধী এই বিশেষ ক্ষমতাই ভাইৰাছ ধ্বংস কৰি দিব পাৰে ।এই গৱেষণাক লৈ সম্প্ৰতি বিশেষভাৱে চর্চা আৰম্ভ হৈছে।
Exit mobile version