কৰ’না সংক্ৰমণ :শাৰীৰিক সম্পৰ্ক স্থাপনৰ সময়ত মাস্ক বাধ্যতামূলক

coronav
কৰ’না ত্ৰাসত কপি আছে এতিয়া সমগ্ৰ বিশ্ব।কৰ’নাৰ পৰা সুৰক্ষিত হৈ থকাৰ ক্ষেত্ৰত প্ৰতিটো খোজতেই স্বাস্থ্যবিধি কঠোৰভাৱে মানি চলিবলৈ সতৰ্ক কৰি দিছে স্বাস্থ্য বিশেষজ্ঞসকলে ।শেহতীয়াকৈ শাৰীৰিক সম্পৰ্ক  স্থাপনৰ সময়তো নাৰী-পুৰুষক বাধ্যতামূলক ভাৱে মাস্ক পিন্ধি থাকিবলৈ সকীয়াই দিছে বিশেষজ্ঞ মহলে ।এনে সতৰ্কবাণী শুনোৱাৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এদল গৱেষক ।বিশ্ববিদ্যালয়খনৰ বিশেষজ্ঞসকলে এই ক্ষেত্ৰত একাধিক পৰীক্ষাৰ অন্তত এনে সতৰ্কবাণী শুনাইছে।
শাৰীৰিক সম্পৰ্ক স্থাপনৰ সময়ত এজনৰ পৰা আনজনলৈ কৰ’না ভাইৰাছ সংক্ৰমণৰ এশ শতাংশই সম্ভাৱনা থাকে।সেয়েহে শাৰীৰিক সম্পৰ্ক স্থাপনৰ  সময়ত মাস্ক পৰিধান কৰাটো জৰুৰী গণ্য কৰিবলৈ হাৰ্ভাৰ্ডৰ গৱেষকসকলে আহ্বান জনাইছে।মহামাৰীৰ সময়ত ঘনিষ্ঠ সম্পৰ্ক ৰখাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাই বিশেষজ্ঞসকলে কয় যে চুম্বনকে ধৰি একাধিকৰে শাৰীৰিক সম্পৰ্ক স্থাপন বৰ্তমান সময়ত এৰাই চলাৰ প্ৰয়োজন।
যাতে কিছু পৰ্যায়ত হ’লেও কৰ’না সংক্ৰমণৰ পৰা নিজকে সুৰক্ষিত কৰি থাকিব পাৰি ।ইয়াৰ পাছতো যদি কোনোৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব বিচাৰে তেন্তে প্ৰয়োজনীয় সতৰ্কতা ৰক্ষা কৰাটো আৱশ্যকীয়।অৱশ্যে স্বামী-স্ত্ৰী  যদি একেলগে কোৱাৰেণ্টাইনত থাকে আৰু আন লোকৰ পৰা দূৰত থাকে তেনে ক্ষেত্ৰত শাৰীৰিক সম্পৰ্ক স্থাপনত কোনো বাধা -বন্ধনৰ প্ৰয়োজন নাই ।হাৰ্ভাৰ্ডৰ গৱেষকসকলো এই ক্ষেত্ৰত একমত ।
Exit mobile version