গেৰুকামুখৰ নদীবান্ধৰ মূল পাৱাৰ হাউচৰ কাম সম্পূৰ্ণ কৰাত তৎপৰতা

Lower Subansiri dam

সুদীৰ্ঘ আঠ বছৰৰ মূৰত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা গেৰুকামুখৰ নামনি সোৱণশিৰিৰ বৃহৎ নদীবান্ধটোৰ কাম সোনকালে সম্পূৰ্ণ কৰাৰ বাবে যুদ্ধংদেহী ৰূপত অৱতীৰ্ণ হৈছে এন এইছ পি চি ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত বান্ধৰ অন্যতম মূল অংশ পাৱাৰ হাউছৰ কাম সম্পূৰ্ণ কৰাৰ বাবে প্ৰতিষ্ঠানটো আগবাঢ়িছে । সেই উদ্দেশ্যে ইতিমধ্যে অনলাইনত নিবিদা আহ্বান কৰি পৰৱৰ্তী প্ৰক্ৰিয়া ক্ষিপ্ৰ গতিত আগবঢ়োৱা হৈছে ৷ তলাবন্ধৰ মাজতে পাৱাৰ হাউচৰ নথিপত্ৰৰ কাম শেষ কৰাৰ প্ৰক্ৰিয়াটো ভাৰত চৰকাৰৰ প্ৰতিষ্ঠানটোৱে আৰম্ভ কৰে ৷ লক্ষ্য অনুসৰিয়ে তলাবন্ধৰ ভিতৰতে নিবিদা আহ্বান আৰু গ্ৰহণ প্ৰক্ৰিয়াও সমাপ্ত হয় ৷ ঠিকা পাবলগীয়া প্ৰতিষ্ঠানৰ নাম চূড়ান্ত কৰাৰ লগে লগে নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব ৷

উল্লেখযোগ্য যে দেশৰ ভিতৰতে সৰ্ববৃহৎ দুহেজাৰ মেগাৱাটকৈ বিদ্যুত উৎপাদনৰ লক্ষ্য লোৱা এই প্ৰকল্পৰ নিৰ্মাণ কাৰ্য আইনগত সকলো বাধা আঁতৰাৰ পাছত অসম চৰকাৰৰ সেউজ সংকেত অনুসৰি যোৱা অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হৈছিল ৷ দ্ৰুতগতিত আৰম্ভ হোৱা এই প্ৰক্ৰিয়া ক’ভিড১৯ ৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা তলাবন্ধৰ ফলত যোৱা ২৩ মাৰ্চৰ পৰা পুনৰ বন্ধ হৈ পৰে । যিহেতু চৰকাৰে সকলো ধৰণৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰাৰ অনুমতি দিছে তাৰ পৰিপ্ৰেক্ষিতত এন এইচ পি চিয়ে অধিক ক্ষিপ্ৰগতিত কাম কৰিবলৈ অগ্ৰসৰ হৈছে বুলি শক্তি বিভাগৰ এক উচ্চস্তৰীয় সূত্ৰই জানিবলৈয়ে দিয়ে ৷ কাৰণ বিভিন্ন প্ৰতিবাদ, আইনী মেৰপেছৰ বাবে দীৰ্ঘদিন নিৰ্মাণ কাৰ্য ব্যাহত হৈ থকাত প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় ২০ হেজাৰ কোটি টকালৈ বৃদ্ধিৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ।

ইপিনে যোৱা অক্টোবৰত কাম কৰাৰ পাছত সৰ্বাধিক চাৰে তিনি বছৰৰ ভিতৰত কাম শেষ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল শক্তি মন্ত্ৰণালয় আৰু এন এইচ পি চিয়ে ৷কিন্তু তলাবন্ধই সেই অংকত পুনৰ খেলি মেলি লগালে ৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে পাৱাৰ হাউচটোত নিৰ্মাণত সৰ্বতোপ্ৰকাৰে বাধা দিয়াত আন্দোলনকাৰী সংগঠনসমূহে সৰ্বাধিক গুৰুত্ব আৰোপ কৰি আহিছে ।

Exit mobile version