গোপাল বড়ো স্কুলৰ ভূমি বেদখলৰ চৰকাৰী চক্ৰান্তক লৈ তীব্ৰ ক্ষোভ

download

এখন আদৰ্শ শিক্ষানুষ্ঠান হোৱাৰ সকলো সম্ভৱনা বহন কৰাৰ সত্ত্বেও দিছপুৰৰ ৰাজধানী চৌহদৰ গাতে লাগি থকা ঐতিহ্যমণ্ডিত গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খনক চলে বলে ধ্বংসৰ হে ষড়যন্ত্ৰ কৰিছে ৰাজ্য চৰকাৰে । এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰী তথা ৰাইজে প্ৰতিবাদ গঢ়ি তুলিবলগীয়া হৈছে । শেহতীয়াকৈ বিদ্যালয় খনৰ আন্তঃগাঁথনি শক্তিশালী কৰি এখন আদৰ্শ শিক্ষানুষ্ঠান গঢ়াৰ পৰিৱৰ্তে ইয়াৰ দুবিঘা ভূমিতহে গুৱাহাটী উন্নয়ন বিভাগ তথা গুৱাহাটী মহানগৰৰ উন্নয়ন প্ৰাধিকৰণ(জি এম ডি এ)ৰ চকু পৰিছে ।

কে’বামহলীয়া পাৰ্কিং ক্ষেত্ৰ নিৰ্মাণৰ বাবে দিয়া এই বাতৰি দিয়াৰ পাছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইয়াৰ পৰিপ্ৰেক্ষিত সোমবাৰে বিদ্যালয়খনৰ চৌহদত বহু প্ৰাক্তন ছাত্ৰকে ধৰি স্থানীয় ৰাইজ, বিদ্যালয়ৰ প্ৰতিনিধি, দিছপুৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়া আদি সমবেত হয়।চৰকাৰৰ উদ্দেশ্য কোনো কাৰণতে সফল হ’বলৈ দিয়া নহব বুলি সকলোৱে দৃঢ় মত পোষণ কৰে।

আনহাতে দিছপুৰৰ ছাত্ৰ সন্থাৰ সভাপতি আৰফাট আলী আৰু সাধাৰণ সম্পাদক জ্যোতিৰময় তালুকদাৰৰ নেতৃত্বত সংগঠনটোৰ এটা দল জি এম ডি এৰ কাৰ্যালয়লৈ গৈ সমগ্ৰ বিষয়টো বুজ লয়। দলটোৰ আগত জি এম ডি এৰ কৰ্তৃপক্ষই বিদ্যালয় খনৰ উক্ত ভূমি বহুমূলীয়া পাৰ্কিং নিৰ্মাণৰ বাবে বিচাৰি উপায়ুক্ত ক অধিগ্ৰহণ কৰি দিয়াৰ আবেদন জনোৱাৰ কথা স্বীকাৰ কৰে। উল্লেখ্য যে জি এম ডি এয়ে যোৱা পহিলা জুনত উপায়ুক্ত বিশ্বজি‌ৎপেগুক উক্ত পত্ৰ খন দিছিল । ছাত্ৰ সন্থাৰ দলটোক জি এম ডি এৰ পৰা অৱগত কৰা হয় যে বৃহত্তৰ গণেশগুৰি অঞ্চলত পাৰ্কিং ক্ষেত্ৰ নিৰ্মাণৰ বাবে তেওঁলোকে জৰীপ চলাওতে গোপাল বড়ো স্কুলৰ গোপাল বড়োৰ উক্ত ভূমি খিনিত দৃষ্টিগোচৰ হয়।

তাৰ পাছতে ভূমি খিনি অধিগ্ৰহণ কৰি ডি এম ডি এক হস্তান্তৰ কৰিবলৈ উপায়ুক্ত ক আহ্বান জনায় । কিন্তু দিছপুৰ ছাত্ৰ সন্থাৰ প্ৰতিনিধিদলটোৱে জি এম ডি এৰ কৰ্তৃপক্ষক তেওঁলোক উদ্দেশ্যৰ পৰা আঁতৰি আহিবলৈ দাবী জনায়। বিদ্যালয়ৰ ভূমি কোনো কাৰণতে জি এম ডি এই হস্ত গত কৰিব নোৱাৰিব বুলি তেওঁলোকে সকীয়াই দিয়ে। তাৰ পৰিৱৰ্তে বিদ্যালয় খনক এখন আদৰ্শ শিক্ষানুষ্ঠান ৰূপে গঢ়ি তোলাত আগভাগ লবলৈ দাবী জনায়।

Exit mobile version