ডবকাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী মহিলা। নিহত মহিলা গৰাকী যমুনামুখৰ বুলি জানিব পৰা যায়। ঘটনাৰ বিৱৰণী মতে মহিলা গৰাকীয়ে পথটোৰে গৈ থকা অৱস্থাতে পিছফালৰ পৰা ডবকাৰ নগাওঁ অভিমুখে গৈ থকা অচিনাক্ত এখন ডাম্পাৰে আহি খুন্দিয়াই বহু দূৰ মহতিয়াই লৈ যায় । ফলত মহিলাগৰাকীয়ে থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হয়।
ADVERTISEMENT
ইফালে দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰখন লগে লগে পলায়ন কৰিবলৈ সক্ষম হয়। বাতৰি যুগুত কৰা পৰ্যন্ত মহিলা গৰাকীৰ আৰু অধিক তথ্য পোৱা নাই, আৰু ডাম্পাৰখনৰো কোনো শুংসূত্ৰ পোৱা নাযায়। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী আসামৰিক চিকিৎসালয়লৈ মহিলাগৰাকীৰ মৃতদেহ প্ৰেৰণ কৰে ।