শ্ৰমিকৰ অভাৱত বন্ধ উদ্যোগ

migrants pti 140570505 1589658593

দেশজুৰি লক্ষ লক্ষ প্ৰব্ৰজিত শ্ৰমিকৰ গৃহাভিমুখী যাত্ৰাই সম্প্ৰতি আন এক সংকটৰ সৃষ্টি কৰিছে ৷ দেশৰ কৰ্মশক্তিৰ ৰাজহাড় স্বৰূপ এইসকল শ্ৰমিকৰ এতিয়া বিভিন্ন মেট্ৰ’ নগৰীত অভাৱ ঘটিছে ৷ দিল্লী, বেংগালুৰু আদিত বিভিন্ন শ্ব’পিং মল, ৰেস্তোৰাঁ, শৈক্ষিক তথা স্বাস্থ্য প্ৰতিষ্ঠান, এপাৰ্টমেণ্ট আদিৰ বিভিন্ন কাম কাজত এনে প্ৰব্ৰজিত শ্ৰমিকসকল নিয়োজিত হৈ আছিল ৷ ক’ভিড-১৯ৰ প্ৰতিৰোধৰ বাবে দেশজুৰি হোৱা তলাবন্ধৰ ফলত সংস্থাপন হেৰুৱাই এইসকলে নিজ নিজ গৃহলৈ ওভতনি যাত্ৰা কৰাৰ পাছত এতিয়া তলাবন্ধ প্ৰত্যাহাৰৰ দিশত আগবাঢ়িছে চৰকাৰ ৷ এই মৰ্মে শ্ব’পিং মলকে ধৰি বাণিজ্যিক প্ৰতিষ্ঠানসমূহ সোমবাৰৰ পৰা মুকলি কৰা হৈছে ।

এনে পৰিস্থিতিত দেখা গৈছে যে দিল্লী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহত কৰ্মশক্তিৰ ব্যাপক নাটনি হৈছে । ইতিমধ্যে ৫০ টা শ্ব’পিং মল আৰু শতাধিক ৰেস্তোৰাঁ মুকলি কৰাৰ পাছত বৃহৎ নাটনিৰ আশংকা ঘনীভূত হৈছে । বাণিজ্যিক সংস্থাসমূহৰ এক সমীক্ষা অনুসৰি দেশৰ ৰাজধানী দিল্লীৰ পৰা প্ৰায় ৭০ শতাংশ শ্ৰমিক কৰ্মী নিজ গৃহলৈ উভতি গৈছে ৷ বিগত মাহৰ পৰা ২৫০ খন বিশেষ শ্ৰমিক ৰেলেৰে দিল্লীৰ পৰা নিজ গৃহলৈ প্ৰেৰণ কৰা হৈছে প্ৰায় তিনি লাখ প্ৰব্ৰজিত শ্ৰমিকক । এই তথ্য দিল্লী চৰকাৰৰ ৷ তথ্য অনুসৰি মুঠ ৪.৫ লাখ শ্ৰমিক কৰ্মীয়ে ঘৰলৈ উভতিবলৈ নিজৰ নাম পঞ্জীয়ন কৰিছে ৷

ব্যৱসায়ীসকলৰ মতে বিভিন্ন বাণিজ্যিক খণ্ডৰ যন্ত্ৰপাতি চালনা, পৰিবহন সেৱা, ঘৰুৱা সহায়ক, পেকেজিং উদ্যোগ, নিৰ্মাণ খণ্ড, এম্ব্ৰইডাৰী আদিৰ নামত শ্ৰমিকসকল নিয়োজিত হৈ আছিল । বৃহত্তৰ দিল্লী অঞ্চলৰ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মধ্যমীয়া খণ্ডৰ উদ্যোগ খণ্ডত সৰ্বাধিক শ্ৰমিকৰ সংকটে দেখা দিছে ৷ বহু স্বতাধিকাৰীয়ে এই সমস্যাৰ বাবে পুনৰ কাম আৰম্ভ কৰিব পৰা নাই। দিল্লীৰ ঔধ্যোগিক অঞ্চলত শ্ৰমিক আৰু কেঁচা সামগ্ৰীৰ অভাৱত কেৱল ৪০ শতাংশ উদ্যোগে কাম আৰম্ভ কৰিব পাৰিছে ৷ আৰু মাত্ৰ ১০ শতাংশ উৎপাদন সম্ভৱ হৈছে ৷

ইপিনে যিসকল শ্ৰমিকে এতিয়া ঘৰলৈ উভতিবলৈ ৰেল আৰু যাত্ৰাৰ সুবিধা পোৱা নাই তেওঁলোকৰ বাবে এয়া এক কষ্টকৰ সময় ।এই মত দিল্লীত আৱদ্ধ একাংশ শ্ৰমিকৰ ৷ চৰকাৰে শ্ৰমহীন হোৱা শ্ৰমিকসকলৰ তথ্য সংগ্ৰহৰ বাবে কামগাৰ বেংক আৰম্ভ কৰিছে আৰু এইসকলক শ্ৰমিকৰ অভাৱত বন্ধ হৈ থকা উদ্দ্যোগত নিয়োজিত কৰিবলৈ অভিযান আৰম্ভ কৰিছে ৷ এই প্ৰক্ৰিয়াৰ জৰিয়তে নয়দা, গ্ৰেটাৰ নয়দা আৰু গাজিয়াবাদ আদিৰ দৰে বৃহৎ বৃহৎ এপাৰ্টমেণ্টত ঘৰুৱা সহায়কৰ কাম কৰি থকা লোকসকলে পঞ্জীয়ন কৰি প্ৰাইভেট কোম্পানীত কৰ্মসংস্থাপন লাভ কৰিব ধৰিছে । আনহাতে যিসকল লোকৰ নাম পঞ্জীয়ন কৰিবলৈ স্মাৰ্ট ফোন নাই তেওঁলোকৰ কাৰণে নাগৰিক সমাজৰ লোক বিভিন্ন বস্তি অঞ্চললৈ গৈ সহায় কৰিছে।

Exit mobile version