গ্ৰাম্য অৰ্থনীতিৰ লগতে সৰু সৰু ক্ষেত্ৰত বিকাশ ত্বৰান্বিত কৰা উচিত

কাহিনীও নভবাকৈ সমগ্ৰ মানৱ জাতি এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে ৷ ক’ভিড-১৯ য়ে অনা এই পৰিবেশৰ বাবে সকলো সলনি হৈছে । সংক্ৰমণ ৰোধৰ বাবে দেশে দেশে দীঘলীয়া তলাবন্ধ পালন কৰা হৈছে । আমিও সেই তলাবন্ধৰ পৰা মুক্ত হ’ব পৰা নাই । শেহতীয়া তলাবন্ধত বহুখিনি সকাহ দিয়া হৈছে যদিও তাৰ পূৰ্বৰ সময়ছোৱাত এশ শতাংশ তলাবন্ধৰ ফলত সৰ্বদিশতে সাংঘাতিক পৰিৱৰ্তন আহে ৷ এদিনৰ বাবে সকলো স্তব্ধ হৈ গ’লে দেশ বা ৰাজ্য এখনৰ কিমান ক্ষতি হয় তাৰ হিছাপে উলিওৱাই টান হৈ পৰে ৷ কিন্তু আমি দিনৰ পাছত দিন বন্ধত কটাবলগীয়া হৈছে ৷ইয়াৰ ফলত অৰ্থনৈতিক ক্ষেত্ৰখনত মাধমাৰ পৰিছে ৷ আমাৰ অসমৰো ইয়াৰ ফলত বৃহৎ ক্ষতি হৈছে  ৷কিন্তু ক্ষতি হ’লেও মহামাৰীৰ পৰা ৰক্ষা পাবৰ বাবে আমি তলাবন্ধত আপোচ কৰিব নোৱাৰো । আমাৰ ক্ষতি হৈছে ঠিকেই, যিহেতু পৰিবেশ লাহে লাহে চৰকাৰে স্বাভাৱিক কৰি আনিব বিচাৰিছে। গতিকে আমাৰ সকলোৰে লক্ষ্য হ’ল কেনেদৰে পূৰ্বৰ অৱস্থালৈ উভতি যাম ৷

কিন্তু কেৱল পূৰ্বৰ অৱস্থালৈ উভতি যাব বিচৰাতেই আমাৰ দায়িত্ব আৰু কৰ্তব্য সীমাবদ্ধ থকা উচিত নেকি? মোৰ মতে নহয়। আমি পুনৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি যাবলৈ নতুন নতুন সম্ভাৱনীয়তাৰ দুৱাৰ মুকলি কৰিব লাগিব ৷ অসম কৃষি অৰ্থনীতি নিৰ্ভৰ ৰাজ্য ৷ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনলৈ কৃষি আৰু সহযোগী খণ্ডবোৰৰ বৰঙনি সৰ্বাধিক। আমাৰ ডাঙৰ উদ্যোগ নাই। তেল আৰু চাহতে আমাৰ বৃহৎ উদ্যোগ সীমাবদ্ধ । সৰু সৰু ঠাইত ভালকৈ কাম কৰিলে বিকাশ সামগ্ৰিক ৰূপত হ’ব ৷ উদাহৰণ স্বৰূপে প্ৰতিখন গাঁৱত যদি এই ধৰণৰ কামবোৰ হয় তাৰ ফল সমগ্ৰ অসমে পাব ৷তাতে অসমত গাঁৱৰ সংখ্যাই অধিক। এই বিকাশবোৰ কি কি ধৰণৰ হ’ব পাৰে ইও এক বৃহৎ প্ৰশ্ন । পৰিবহণ আৰু পৰ্যটন খণ্ডটোত অসমে অধিক গুৰুত্ব দিব লাগে ৷ ক’ভিডৰ ফলত হয়তো বহুদিনলৈ বাছৰ দৰে বহু যাত্ৰী কঢ়িয়াই নিব পৰা ৰাজহুৱা পৰিবহন ব্যৱস্থাটো পূৰ্বৰ দৰে স্বাভাৱিক নহ’ব । তাৰ সুযোগ লৈ ই ৰিক্সাকে ধৰি কম মানুহ কম দূৰত্বত পৰিবহন কৰিব পৰা প্ৰচলনত গুৰুত্ব দিয়া উচিত ৷ ইয়াৰ ফলতো অধিক সংখ্যক লোকৰ সংস্থাপনৰ দুৱাৰ মুকলি হ’ব ৷

Exit mobile version