পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে

বিশ্বজুৰি কৰ’নাত আক্ৰান্তৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে ৷ একেদৰে মৃতকৰ সংখ্যাও বাঢ়িছে ৷ সেয়েহে পৰিস্থিতিৰ সামান্য উন্নত অৱস্থা দেখিয়ে আত্মসন্তুষ্টিৰ মনোভাৱ গ্ৰহণ কৰাটো উচিত নহ’ব বুলি বিশ্ব স্বাস্থ্য সংস্থাই সকীয়াই দিছে ৷ ইয়াৰ বিপৰীতে সতৰ্কতা অব্যাহত ৰাখিবলৈ আহ্বান জনাই সংস্থাটোৱে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ দাবী অনুসৰি ইউৰোপত পৰিস্থিতি স্বাভাৱিক হোৱাৰ দিশলৈ আগবাঢ়িলেও সমগ্ৰ বিশ্বত পৰিস্থিতি ক্ৰমাৎ অৱনমিত হৈছে ৷ বিগত ডিচেম্বৰত প্ৰথম কৰ’নাৰ আক্ৰমণ হৈছিল ৷ তাৰ পাছৰে পৰা বিগত পাঁচমাহত সমগ্ৰ বিশ্বত অতিমাৰীৰ ৰূপ ধাৰণ কৰে কৰ’নাই । এই পৰ্যন্ত বিশ্বজুৰি প্ৰায় ৭২ লাখ লোক কৰ’নাত আক্ৰান্ত হৈছে । ইয়াৰ ভিতৰত আমেৰিকাৰ পৰিস্থিতি সবাতোকৈ ভয়ংকৰ ।

পূব এছিয়া আৰু ইউৰোপ অতিক্ৰম কৰি আমেৰিকাই এতিয়া কৰ’না সংক্ৰমণৰ নতুন কেন্দ্ৰ বিন্দু হৈ পৰিছে । আমেৰিকাত এই পৰ্যন্ত ২০ লাখ লোকে প্ৰাণ হেৰুৱাইছে ।এই পৰিস্থিতিত কৃষ্ণাংগলোকক হত্যাক লৈ উত্তাল হৈছে আমেৰিকা । দেশৰ বিভিন্ন ঠাইত নামি পৰিছে হাজাৰ হাজৰ লোক ।  এই পৰিস্থিতিত হুৰ মুৰব্বী ট্ৰেড্ৰচ আধানমে জেনিভাৰ পৰা এক ভিডিঅ’ কনফাৰেন্স যোগে কয়  “ইউৰোপত পৰিস্থিতি স্বাভাবিক হ’বলৈ আৰম্ভ কৰিলেও বিশ্বজুৰি পৰিস্থিতি অৱনতি হৈছে । বিগত ন দিনত প্ৰায় এক লাখৰো অধিক মানুহ কৰ’নাত আক্ৰান্ত হৈছে ।

আমেৰিকাৰ পৰিস্থিতিক লৈ অধিক উদ্বেগ প্ৰকাশ কৰি ট্ৰেড্ৰচে কয় “যিকোনো স্থানতে পৰিস্থিতি সামান্য উন্নত হ’লেই মানুহৰ মাজত আত্মসন্তুষ্টি দেখা দিছে । এয়া সবাতোকৈ আক্ৰান্তৰ কাৰণ ৷ বিশ্বৰ যিকোনো মানুহ কৰ’নাত সংক্ৰমিত হ’ব পাৰে। গতিকে সতৰ্কতা অৱলম্বন কৰাটো প্ৰয়োজনীয় ।” ইফালে উপসৰ্গহীন লোকৰ পৰাও কৰ’না সংক্ৰমণ হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে একাংশ জনস্বাস্থ্য বিশেষজ্ঞই ৷ তেওঁলোকৰ মতে শৰীৰত উপসৰ্গ দেখা নিদিলেও ক’ভিড-১৯ ৰ বাহক হৈ উঠিছে এনে আক্ৰান্ত । কিন্তু ইয়াৰ বিপৰীতে হুৰ মতে উপসৰ্গহীনৰ পৰা কৰ’না সংক্ৰমণৰ ঘটনা বিৰল ৷

হুৰ কাৰিকৰী দলৰ প্ৰধান তথা মহামাৰী বিশেষজ্ঞ মেৰিয়া ভেনে কয় “আমাৰ ওচৰত থকা তথ্য অনুসৰি উপসৰ্গহীন এজন মানুহে আন এজনক সংক্ৰমিত কৰা ঘটনা বিৰল ৷ আমাৰ ওচৰত বিভিন্ন দেশৰ প্ৰতিবেদন আছে ৷ কিদৰে মানুহ সংক্ৰমিত হৈছে তাক লৈ বিস্তাৰিতভাৱে কাম কৰিছে এই দেশসমূহে ৷” আনহাতে উপসৰ্গহীনৰ পৰা সংক্ৰমণৰ আশংকাৰ কথা ব্যক্ত কৰিছিল আমেৰিকা আৰু বিট্টেইনৰ দৰে দেশে । তেওঁলোকে কৈছিল এনে আক্ৰান্তসকল প্ৰকৃততে কৰ’নাৰ বাহক । এইসকলৰ জৰিয়তে ৰোগ বিয়পিব পাৰে । হুৱে পুনৰ স্পষ্ট কৰি দিছে যে কৰ’নাৰ দৰে অতিমাৰীৰ বিয়পি পৰাৰ ক্ষেত্ৰত উপসৰ্গহীনতাৰ ভূমিকা সামান্য । হুৰ মতে মাত্ৰ ছয় শতাংশ । বিগত কিছুমাহ ধৰি সংস্থাটোৱে বাৰে বাৰে কৈছে যে ঘৰ, কাৰ্যালয়, ধৰ্মীয় অনুষ্ঠান, হাস্পতালৰ দৰে স্থান য’ত একেলগে বহুত মানুহ থাকে, য’ত বতাহ বন্ধ সেই স্থানত নিকট সংস্পৰ্শৰ মাধ্যমেৰে কৰ’না বিয়পি পৰাৰ আশংকা আছে।

Exit mobile version