অনলাইন ৱেবচাইটত প্ৰৱঞ্চনা কৰা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

IMG 20200611 WA0055

অনলাইন ৱেবছাইটত অ’ এল এক্সৰ জৰিয়তে প্ৰৱঞ্চনাৰ জাল পাতি গ্ৰেপ্তাৰ হ’ল এজন প্ৰৱঞ্চক। মহানগৰ আৰক্ষীৰ জালত পৰা প্ৰবঞ্চকজন হৈছে যোৰহাটৰ বিশ্ব ভৰদ্বাজ ওৰফে অভিজিৎ (৩০) । মহানগৰ আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই আজি এই কথা সদৰী কৰি জনোৱা মতে, মহানগৰীৰ উজান বজাৰত ভাড়াতী হিচাপে থকা যোৰহাটৰ বিশ্ব ভৰদ্বাজে নিজকে অভিজিৎ হিচাপে পৰিচয় দি অনলাইন ৱেবচাইট অ’ এল এক্সত ভাড়া ঘৰ, পুৰণি যান বাহন আদি সম্পৰ্কত বিজ্ঞাপন প্ৰকাশ কৰে । ইয়াৰ পাছত সংশ্লিষ্ট বিজ্ঞাপনৰ আধাৰত যোগাযোগ কৰা গ্ৰাহকৰ পৰা আগধন হিচাপে নগদ ধন সংগ্ৰহ কৰি সংশ্লিষ্ট গ্ৰাহকৰ পাছত এৰাই চলে । বিগত এপ্ৰিলত প্ৰবঞ্চকজনে উজান বজাৰৰ হেপী ডিলাৰৰ এটা ভাড়াঘৰৰ ফ’টো অ’ এল এক্সত বিজ্ঞাপন প্ৰকাশ কৰে।

উক্ত বিজ্ঞাপনৰ আধাৰতে গ্ৰাহক বিনয় কুমাৰ নাথে বিজ্ঞাপনদাতা বিশ্ব ভৰদ্বাজ ওৰফে অভিজিতৰে যোগাযোগ কৰে ৷ ইয়াৰ ভিত্তিত প্ৰৱঞ্চকজনে ভুক্তভোগী নাথৰ পৰা আগধন হিচাপে ১১ হেজাৰ টকা লয় ৷ কিন্তু নিৰ্ধাৰিত সময় উকলি যোৱাৰ পাছতো প্ৰৱঞ্চকজনে সংশ্লিষ্ট ভাড়াঘৰটোৰ হস্তান্তৰ কৰাৰ বিপৰীতে গ্ৰাহক নাথক এৰাই চলে ৷ ইয়াতে ক্ষুব্ধ হৈ নাথে মহানগৰীৰ লতাশিল আৰক্ষী থানাত প্ৰৱঞ্চকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে । উক্ত এজাহাৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে লতাশীল আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধিৰ ৪২০ ধাৰাৰ অধীনত ১৩৩/২০২০ নম্বৰত এক গোচৰ ৰজু কৰি তদন্ত আৰম্ভ কৰে ।আৰু আজি পুৱতি নিশা প্ৰৱঞ্চকজনক গ্ৰেপ্তাৰ কৰে ৷ ধৃত প্ৰৱঞ্চকজনক কাইলৈ আদালতত হাজিৰ কৰাই জিম্মাত বিচাৰিব বুলিও সূত্ৰটোৱে অৱগত কৰে ৷

Exit mobile version