ক’ভিড কলাৰটিউন: জেছলিন আজি সকলোৰে মাজত কন্ঠস্বৰৰে পৰিচিত

Voice 1

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সমান্তৰালভাৱে ৩০ছেকেণ্ডৰ এটি কলাৰটিউনক লৈ সম্প্ৰতি সৰৱ চর্চা চলি আছে সমগ্ৰ দেশজুৰি ।বিগত মাৰ্চৰে পৰা ম’বাইলে ম’বাইলে বাজিব লৈছে এই কলাৰটিউন । ক’ভিড কলাৰটিউন হিচাপে পৰিচিত এই কলাৰটিউন  নুশুনা লোক সম্প্ৰতি দেশত নাই বুলিলেও আচৰিত হ’বলগীয়া নহ’ব । এজনে আনজনলৈ ফোনযোগে যোগাযোগ কৰিলেই শুনিবলগীয়া হয় এই কলাৰটিউন । সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰস্তুত এই কলাৰটিউনযোগে দেশবাসীক কৰ’না ভাইৰাছৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিব পৰাকৈ সতৰ্ক কৰা হয়; কিন্ত বহুতেই নাজানে ক’ভিড কলাৰ টিউনৰ নেপথ্যৰ কাহিনী ।কলাৰটিউনৰ নেপথ্যৰ মহিলা কণ্ঠস্বৰৰ গৰাকী কোন অথবা কোনে প্ৰস্তুত কৰিছে এই কলাৰটিউন আদিৰ বিষয়েও জানিব বিচাৰে বহুজনে । কলাৰটিউনত কণ্ঠদান কৰিছে কণ্ঠশিল্পী জেচলিন ভল্লাই ।

যোৱা সময়ছোৱাত এই কলাৰটিউন নিজেও শুনিবলগীয়া হৈছে ভল্লাই । সম্প্ৰতি এক সাক্ষাৎকাৰত ভল্লাই কয়, ‘প্ৰথমে এই কলাৰটিউন সন্দৰ্ভত মোৰ কোনো ধাৰণা নাছিল । ইমান দীঘলীয়াকৈ এই কলাৰটিউন বাজিব বুলিও মই ভবা নাছিলো । মোৰ কন্ঠস্বৰ দেশৰ জনগণৰ ম’বাইলে ম’বাইলে বজাৰ কথা মই কল্পনাও কৰিব পৰা নাছিলো । এই কলাৰটিউন প্ৰস্তুতৰ বাবে মোৰ স’তে যোগাযোগ কৰাৰ সময়ত তলাবন্ধ আৰম্ভ হৈছিল । তেনে সময়তে ষ্টুডিঅ’ৰ প্ৰয়োজকৰ পৰা মোলৈ এটা ফোন আহে ।মোক কোৱা হয় যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা এটি কামৰ নিবেদন কৰা হৈছে । পৰিস্থিতিৰ গুৰুত্ব বুজি কন্ঠ নিক্ষেপণ সঠিকভাৱে কৰিব লাগিব । কণ্ঠত থাকিব লাগিব গাম্ভীৰ্যতা । তদুপৰি কণ্ঠত বন্ধুত্বপূৰ্ণ সহায়ৰ আভাসো থাকিব লাগিব ।আনহাতে, এই কাম অতি সোনকালে সম্পন্ন কৰিব লাগিব বুলিও মোক সোঁৱৰাই দিয়া হয় ।

উল্লেখ্য যে ভল্লাই কলাৰটিউনত কন্ঠ দিবলৈ ষ্টুডিঅ’লৈকো আহিবলগীয়া নহ’ল । ঘৰত বহিয়েই বাণীবদ্ধ কৰা হয় ‘ক’ভিড কলাৰটিউন । ইংৰাজী আৰু হিন্দী ভাষাত এই কলাৰটিউনৰ বাবে ভল্লাৰ কণ্ঠস্বৰ বাণীবদ্ধ কৰা হয় । নিজৰ কণ্ঠস্বৰ সন্দৰ্ভত ভল্লাই কয়, ‘কণ্ঠস্বৰ বাণীবদ্ধ কৰাৰ সময়ত মই ভাবিছিলো হয়তো ১০দিন মানলৈ এই কলাৰটিউন বাজিব; কিন্ত মোৰ ধাৰণা ভুল প্ৰমাণিত হ’ল । কৰ’না বিৰোধী যুজঁ মোৰ কণ্ঠস্বৰৰ দ্বাৰা সাৱধানবাণী শুনায়ে আৰম্ভ কৰা হ’ল । ফোন কৰাৰ সময়ত ৩০ছেকেণ্ড ধৰি মই নিজৰ কণ্ঠস্বৰ শুনি থাকিবলৈ প্ৰথমে অতিকৈ অস্বস্তিত পৰিছিলো । অনুভৱ হৈছিল কিছু ভৌতিক অভিজ্ঞতা । পাছত অৱশ্যে অভ্যাসত পৰিণত হ’ল সকলো ।

‘বহুজনৰ বাবে ক’ভিড কলাৰটিউন বিৰক্তিদায়ক হ’লেও এই কলাৰটিউনক বৰ্তমান পৰিস্থিতিত অস্বীকাৰ কৰিবও নোৱাৰি ।কলাৰটিউনৰ এই সাৱধানবাণী ছ’চিয়েল মিডিয়াতো জনপ্ৰিয় হৈছে । জেছলিন ভল্লা কণ্ঠশিল্পী হোৱাৰ পূৰ্বে ক্ৰীড়া সাংবাদিক হিচাপে পৰিচিত আছিল । কণ্ঠশিল্পী হিচাপে যোৱা এটা দশক ধৰি জড়িত হৈ আছে । বহু বিজ্ঞাপনত ব্যৱহাৰ হৈছে ভল্লাৰ কণ্ঠস্বৰ । অৱসৰৰ সময়ত গীত আৰু কবিতাও লিখে ভল্লাই; কিন্ত ক’ভিড কলাৰটিউনৰ পূৰ্বে ইমান জনপ্ৰিয়তা লাভ কৰা নাছিল ভল্লাই ।পৰিচিত-অপৰিচিত বহুজনে এই কলাৰটিউনৰ বাবে অভিনন্দন জনাইছে ভল্লাক । অৱশ্যে কৰ’না সংক্ৰমণৰ বৰ্তমান সময়ত অন্যান্য ক্ষেত্ৰৰ দৰেই কণ্ঠস্বৰ দিয়া শিল্পী সকলেও কাম হেৰুৱাবলগীয়া হোৱাত ‘ভইচ অভাৰ’ উদ্যোগ সমানেই ক্ষতিৰ সন্মুখীন হৈছে ।

Exit mobile version