ডেৰ বছৰৰ পাছতো ফলাফল নোলাল নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক-মণ্ডল পদৰ পৰীক্ষাৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ৰাজ্যৰ বিভিন্ন বিভাগত ৫০ সহস্ৰাধিক নিবনুৱাক নিযুক্তি দিয়া হ’ব বুলি ঘোষণা সম্প্ৰতি বুমেৰাং হোৱা  বুলিহে অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে, নগাঁও জিলাৰ ৭টা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনত বিগত ২০১৮ বৰ্ষতে খালি হৈ থকা ২৪টা মণ্ডল পদত নিযুক্তিৰ বাবে জিলা উপায়ুক্তই সেই বৰ্ষৰে ১৯ জুলাইত বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰিছিল । সেই বিজ্ঞাপন অনুসৰিয়েই ২০১৯ চনৰ ২৭ জানুৱাৰীত লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। এই মণ্ডল নিযুক্তিৰ ক্ষেত্ৰত নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ চূড়ান্ত অনীহাৰ  বাবেই লিখিত পৰীক্ষা অনুষ্ঠিত হৈ যোৱা প্ৰায় ডেৰ বছৰ উকলি যোৱাৰ পিছতো মণ্ডল নিযুক্তি দিয়াতো বাদেই পৰীক্ষাৰ ফলাফলকে ঘোষণা কৰিবলৈ সক্ষম নহ’ল সংশ্লিষ্ট কৰ্তৃপক্ষ। একেদৰে জিলা উপায়ুক্ত কাৰ্যালয়ত খালী হৈ থকা ১৮ টা কণিষ্ঠ সহায়ক পদৰ নিযুক্তিৰ বাবে বিগত ২০১৮ৰ ২ মাৰ্চত বাতৰি কাকতত বিজ্ঞাপন দিয়া হৈছিল।

সেই বিজ্ঞাপন অনুসৰিয়েই ২০১৯ ৰ ৩ মাৰ্চত লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল। মণ্ডল আৰু কনিষ্ঠ সহায়ক এই দুয়োটা বিভাগৰ পদৰ পৰীক্ষাত নগাঁও জিলাৰ লগতে বিভিন্ন জিলাৰ প্ৰায় সহস্ৰাধিক  নিবনুৱা যুৱক-যুৱতী অৱত্তীৰ্ণ হৈছিল। মনকৰিবলগীয়া যে দীৰ্ঘদিন ধৰি খালি হৈ থকা এই পদসমুহৰ বিপৰীতে ৰাজ্যৰ বিত্ত বিভাগৰ অনুমোদন থাকে আৰু পৰীক্ষা বা সাক্ষাৎকাৰ পাতি নিৰ্দিষ্ট সময়ৰ মূৰত নিযুক্তি নহ’লে প্ৰতি বছৰৰ ৩১ মাৰ্চত ইয়াৰ ম্যাদ উকলি যায়। নগাঁও জিলা উপায়ুক্ত‌ই বিগত দুটা বৰ্ষত চৰকাৰৰ পৰা বিত্তীয় অনুমোদন লাভ কৰিছে যদিও চলিত বৰ্ষৰ বিত্তীয় সময় যোৱা ৩১ মাৰ্চত উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত উপায়ুক্ত গৰাকীয়ে চৰকাৰলৈ বিত্তীয় অনুমোদনৰ বাবে প্ৰস্তাৱেই প্ৰেৰণ কৰা নাই। নগাঁও জিলা প্ৰশাসনৰ গাফিলতি আৰু নিষ্ক্ৰিয় ভূমিকাৰ বাবেই হাজাৰ হাজাৰ নিবনুৱা যুৱক – যুৱতীয়ে উক্ত পৰীক্ষাৰ ফলাফল লাভ কৰিবলৈ অপেক্ষা কৰি চাকৰিৰ আশাত বৰ্তমান হাহাঁকাৰ কৰিব লগীয়া হৈছে।

উল্লেখ্য যে ৰাজ্যৰ ধেমাজি, ডিব্ৰুগড়কে ধৰি আন একাংশ জিলাত অনুৰূপ পৰীক্ষাৰ ফলাফল ঘোষণা কৰি নিযুক্তি প্ৰক্ৰিয়া ইতিপূৰ্বে সম্পন্ন কৰিছে যদিও আজি পৰ্যন্ত নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ে ফলাফল প্ৰকাশ কৰিবলৈ সক্ষম নহ’ল। ইপিনে, উল্লেখিত চাকৰি পদৰ বিপৰীতে বৰ্তমানলৈকে চৰকাৰৰ পৰা যিহেতু বিত্তীয় অনুমোদনৰ ম্যাদ বৃদ্ধি কৰাৰ প্ৰস্তাৱ প্ৰেৰণ কৰা নাই, সেয়ে চাকৰি প্ৰাৰ্থীসকলে চাকৰি লাভৰ ক্ষেত্ৰত চৰম অনিশ্চয়তাত ভুগিছে। যাৰ বাবে কালি নগাঁও জিলা উপায়ুক্তক নগাঁৱৰ একাংশ মণ্ডল চাকৰি পদৰ প্ৰাৰ্থীয়ে সাক্ষাৎ কৰি ক্ষোভ প্ৰকাশ কৰাৰ লগতে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰখনত চাকৰি প্ৰাৰ্থীসকলে চলিত বিত্তীয় বৰ্ষৰ বাবে চৰকাৰৰ পৰা বিত্তীয় অনুমোদনৰ ম্যাদ বৃদ্ধি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অতি শীঘ্ৰে ফলাফল ঘোষণা কৰি নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ উপায়ুক্তক দাবী জনাইছে। ইপিনে, জিলা উপায়ুক্ত কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক আৰু মণ্ডল পদত নিযুক্তিৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰি প্ৰায় ডেৰ বছৰে ফলাফলকে ঘোষণা কৰিবলৈ সক্ষম নোহোৱাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অতি আশ্চৰ্যজনক বিষয় এই যে চলিত বিত্তীয় বৰ্ষৰ বাবে যদি চৰকাৰৰ পৰা বিত্তীয় অনুমোদনৰ ম্যাদ বৃদ্ধি নকৰে, তেন্তে প্ৰাৰ্থীসকল চাকৰি লাভৰ পৰা বঞ্চিত হোৱাটো এক প্ৰকাৰ নিশ্চিত। এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দুয়োটা পদৰ পৰীক্ষাত অৱতীৰ্ণ প্ৰায় সহস্ৰাধিক চাকৰি প্ৰাৰ্থীয়ে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে ৷

Exit mobile version