বন্ধ ৰেস্তোৰাঁ মুকলিৰ দাবীত ৰাছিয়াত চেফ মালিকৰ নগ্ন প্ৰতিবাদ

russian chef

তলাবন্ধৰ সময়ৰে পৰা বন্ধ হৈ থকা ৰেস্তোৰাঁ পুনৰ মুকলিৰ দাবীত ৰাছিয়াত আৰম্ভ হৈছে নগ্ন প্ৰতিবাদ । ৰেস্তোৰাঁৰ চেফৰ লগতে মালিক পক্ষই যৌথভাৱে আৰম্ভ কৰিছে এই প্ৰতিবাদ । কৰ’না সংক্ৰমণ ৰোধ কৰিবলৈ ৰাছিয়াতো বিশ্বৰ অন্যান্য দেশৰ দৰে তলাবন্ধৰ পথ অৱলম্বন কৰা হৈছে । ফলত, স্তব্ধ হৈ পৰিছে দেশৰ অৰ্থনীতি । অৰ্থনৈতিক অৱস্থা নিম্নগামী হ’বলৈ লোৱাত সংস্থান হেৰুৱাবলগীয়া হৈছে অজস্রজনে । ব্যৱসায় কৰা সকলৰো আয় শূণ্য হৈ পৰিছে । কাম আৰু উপাৰ্জন হেৰুৱাইছে ৰেস্তোৰাঁৰে জড়িত সকলে । ছ’চিয়েল মিডিয়াত ৰেস্তোৰাঁৰ ৰান্ধনি তথা মালিকসকলে নিজ নগ্ন ছবি প’ষ্ট কৰি তেওঁলোকৰ ব্যৱসায় পুনৰ মুকলিৰ অনুমতি দিবলৈ এলানি প্ৰচাৰ কার্য আৰম্ভ কৰিছে ।

ৰাছিয়াত কৰ’না সংক্ৰমণ কিছু হ্রাস পাবলৈ লোৱাৰ সময়তে শিথিল কৰি দিয়া হৈছে তলাবন্ধৰ । কিছু কিছু পৰ্যায়ত এই শিথিলতা কাৰ্যকৰী হ’লেও ৰেস্তোৰাঁৰ বিষয়ত এতিয়াও কোনো স্পষ্ট নিৰ্দেশনা দিয়া নাই চৰকাৰে । এই বিষয়টো সন্মুখত ৰাখিয়েই দেশখনৰ শ শ বাৰ, ৰেস্তোৰাঁ আৰু কাফেৰ মালিক-কৰ্মচাৰী সকলে নগ্ন প্ৰতিবাদ আৰম্ভ কৰিছে । প্লেট, কাপ, চেম্পেইনৰ বটল, বাৰৰ টুল, নেপকিন আদি শৰীৰৰ বিভিন্ন অংশত লগাই তোলা হৈছে প্ৰতিবাদৰ ছবি । প্ৰতিবাদকাৰীসকলৰ ভাষ্য অনুসৰি ৰাছিয়া লাহে লাহে কৰ’না মুক্ত হোৱাৰ পথত অগ্ৰসৰ হৈছে । বৰ্তমান সময়ত ৰেস্তোৰাঁবিলাককো গ্ৰাহকক সেৱা কৰাৰ সুযোগ দিব লাগে ।ইয়াকে লৈ প্ৰশাসনৰে যোগাযোগ কৰিছে ৰেস্তোৰাঁৰে জড়িত সকলে ।

প্ৰায় দুমাহৰ তলাবন্ধৰ অন্তত ১১ জুনৰ পৰা কাজান চহৰত এখন ৰেস্তোৰাঁ খোলাৰ অনুমতি দিয়া হৈছে । ৰেস্তোৰাঁ খনৰ মালিক আৰ্থাৰ গেলাচুকে এই সন্দৰ্ভত কয়, ‘আমি আজি নগ্ন হৈছো । কাৰণ ওচৰত আজি অৱশিষ্ট বুলিবলৈ একো বাকী নাই ।’ ৰেস্তোৰাঁ খনৰ ২০ জন কৰ্মচাৰীয়ে এই নগ্ন প্ৰতিবাদত অংশ লৈছে । একে পৰিস্থিতি অন্যান্য ৰেস্তোৰাঁৰো।ছাইবেৰিয়াৰ পাভেলন নামৰ এজন ৰেস্তোৰাঁৰ ৰান্ধনিয়ে এই সন্দৰ্ভত কয়, ‘আমি কোনো নগ্ন প্ৰতিবাদ কৰিব বিচৰা নাই । মানুহক মূৰ্খ সজাবও বিচৰা নাই ।আমি মাত্ৰ এটা বস্তুহে বিচাৰিছো । আমাক কাম লাগে ।’

পাভেনে ছ’চিয়েল মিডিয়াত এটা প’ষ্ট দিছে । প’ষ্ট টোৰ ছবিত দেখা গৈছে পাভেনে সহকৰ্মীসকলৰ স’তে কেৱল মাস্ক পৰিধান কৰি আছে । হাতত আছে ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা কিছু সৰঞ্জাম । প’ষ্টটিত প্ৰশ্ন উত্থাপন কৰি কোৱা হয় যে চুপাৰ মাৰ্কেট, শ্বপিং মল, চেলুন, ৰাজহুৱা পৰিবহণতকৈ ৰেস্তোৰাঁ অধিক ভয়াবহ নেকি ? যোৱা মাৰ্চত ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ৰাছিয়াত তলাবন্ধ ঘোষণা কৰিছিল । খাদ্য সামগ্ৰীৰ দোকান আৰু ফাৰ্মাচীৰ বাহিৰে সেই সময়ৰ পৰা দেশত সকলো ব্যৱসায়-বাণিজ্য বন্ধ হৈ আছে । এটি-দুটিকৈ কিছু প্ৰতিষ্ঠান খুলিবলৈ দিয়া হৈছে যদিও অহা ২৩জুনৰ পৰাহে কাফে আৰু ৰেস্তোৰাঁ বিলাকক পুনৰ ব্যৱসায় আৰম্ভ কৰিবলৈ দিয়া হ’ব । এই সুযোগ লাভ কৰিব একমাত্ৰ সমুখত মুকলি স্থান থকা ৰেস্তোৰাঁ-কাফে বিলাকেহে ।কোঠাৰ মাজতে আবদ্ধ থকা ৰেস্তোৰাঁ-বাৰ মুকলিৰ ক্ষেত্ৰত প্ৰশাসনে বৰ্তমানলৈ কোনো নিৰ্দেশ দিয়া নাই ।

Exit mobile version