‘ভাৰ্চুৱেল’ সংসদৰ পথত ভাৰত! অনুসৰণ কৰিব কানাডা-ব্ৰিটেইনক

Indian Parliament

সংসদৰ আগন্তুক বৰ্ষাকালীন অধিৱেশনক লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ । কৰ’না ভাইৰাছ সংক্ৰমণৰ আশংকাত সম্প্ৰতি বন্ধ হৈ আছে সংসদ ভৱন; কিন্ত এমাহৰ এমাহৰ ভিতৰতে সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ কথা । সংসদৰ দুয়ো সদনত সামাজিক দূৰত্ব অক্ষুন্ন ৰাখি কাম-কাজ চলোৱাটো প্ৰায় অসম্ভৱ । এনে পৰিস্থিতিত বৰ্ষাকালীন অধিৱেশন ভৱিষ্যতৰ কথা চিন্তা কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলা তথা ৰাজ্যসভাৰ চেয়াৰমেন তথা উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ মাজত এখন বৈঠকো সম্পন্ন হয় । বৈঠকত উভয় সদনৰ সচিব প্ৰধানো উপস্থিত থাকে । বৈঠকত সংসদৰ চেন্ট্ৰেল হল অথবা দিল্লীৰ বিজ্ঞান ভৱনত বৰ্ষাকালীন অধিৱেশন সম্পন্ন কৰিব পৰাৰ সম্ভাৱনীয়তাক লৈও আলোচনা কৰা হয় ।

সামাজিক দূৰত্ব বিধি অনুসৰি সংসদৰ দুয়োখন সদনত সৰ্বাধিক শতাধিক সদস্যৰ বাবেহে আসনৰ ব্যৱস্থা কৰাটো সম্ভৱ । এনে ক্ষেত্ৰত স্বাস্থ্যবিধি মানি চলিবলৈ গ’লে বৰ্ষাকালীন অধিৱেশন অনুস্থিত কৰাটো বৰ্তমান সময়ত প্ৰায় অসম্ভৱ । তদুপৰি সংসদৰ চেন্ট্ৰেল হলত নাই শীত তাপ নিয়ন্ত্রিত ব্যৱস্থা । এনে অৱস্থাত ঘণ্টাৰ পাছত ঘণ্টা আলোচনা কৰাটোও হ’ব অতিকৈ কষ্টকৰ ।সেয়েহে সংসদৰ কাম-কাজ পৰিচালনাৰ বাবে ‘ভাৰ্চুৱেল’ অধিৱেশনৰ চিন্তা-ভাবনাও কৰা হৈছে। অৱশ্যে লোকসভা আৰু ৰাজ্যসভাৰ সকলো সদস্য ‘অনলাইন ‘ত অভ্যস্ত নহয় । বহু সাংসদ প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত বৰ্তমানেও অভিজ্ঞ হ’বগৈ পৰা নাই ।

এনে ক্ষেত্ৰত নিৰ্দিষ্ট সংখ্যক সাংসদৰ উপস্থিতিত অধিৱেশনৰ কাম-কাজ চলোৱাৰ পথহে সম্প্ৰতি মুকলি হৈ আছে । যি সকল সাংসদ প্ৰযুক্তিগত ভাৱে সাবলীল তেনে সাংসদ সকলে ঘৰৰ পৰাই অনলাইন যোগে অধিৱেশনৰ আলোচনাত অংশগ্ৰহণ কৰিব পৰাৰ কথা ও চিন্তা কৰা হৈছে । আনহাতে, যি গৰাকী সাংসদৰ যিদিনা প্ৰশ্ন কৰাৰ দিন নিৰ্দ্ধাৰণ কৰা হ’ব সেই গৰাকী সাংসদে সেই দিনটোতহে উপস্থিত থাকিব পাৰিব সদনত । বিড়লা আৰু নাইডুৱে সংসদৰ বিষয়া সকলক এই সকলো বিষয়ত বিস্তাৰিতভাৱে অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে । কৰ’নাৰ আতংকক লৈ বাধ্য হোৱাৰ পাছতো কানাডা আৰু ব্ৰিটেইনে ভাৰ্চুৱেল সংসদৰ পক্ষে আগবাঢ়ে । যোৱা ১৭ মে’ত অনলাইন অধিৱেশন আৰম্ভ হয় কানাডাৰ সংসদত।

Exit mobile version