কৰ’নাৰ প্ৰভাৱ  : চলিত বৰ্ষত ৬.৫শতাংশলৈকে অৱনমিত হ’ব মাৰ্কিন অৰ্থনীতি

sized jerome powell

আমেৰিকাৰ কেন্দ্ৰীয় বেংক ফেডাৰেল ৰিজার্ভে প্ৰকাশ কৰা মতে, ২০২০বৰ্ষত আমেৰিকাৰ অৰ্থনৈতিক ব্যৱস্থা ৬.৫ শতাংশলৈকে অৱনমিত হোৱাৰ শংকা আছে । একেদৰে চলিত বৰ্ষৰ অন্তিম ভাগত আমেৰিকাৰ নিবনুৱাৰ হাৰ ৯.৩ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । আমেৰিকাত আৰ্থিক মন্দাৱস্থাৰ পৰা ৰক্ষা কৰাৰ বাবে দেশখনৰ কেন্দ্ৰীয় বেংকে প্ৰয়োজনীয় ব্যৱস্থা লোৱা বুলি ফেডাৰেল ৰিজার্ভে জানিবলৈ দিয়ে । কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰু তলাবন্ধৰ ফলত মাৰ্কিন অৰ্থনীতি সৰ্বাধিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি ফেডাৰেল ৰিজাৰ্ভৰ শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে ।

ফেডাৰেল ৰিজাৰ্ভৰ অধ্যক্ষ জেৰ’ম পাংবেলে প্ৰকাশ কৰা মতে, কৰ’নাৰ সংক্ৰমণৰ ফলত যোৱা ফেব্ৰুৱাৰীৰ পৰা সাম্প্ৰতিক সময়লৈকে আমেৰিকাক দুই কোটিতকৈ অধিক লোক কৰ্মসংস্থাপনহীন হৈছে । এইসকললোকক পুনৰ সংস্থাপিত হোৱাৰ বাবে দীর্ঘ সময়ৰ প্ৰয়োজন হ’ব পাৰে বুলি ফেডাৰেল ৰিজার্ভে সম্প্ৰতি সুদৰ হাৰৰ কোনো সালসলনি ঘটাব বিচৰা নাই বুলি বিষয়াজনে অৱগত কৰে । চলিত বিত্তীয় বৰ্ষৰ প্ৰথম আঠমাহত আমেৰিকাই ১.৮৮ত্রিলিয়ন ডলাৰৰ বাজেট ঘাটি বহন কৰা বুলিও ফেডাৰেল ৰিজার্ভে তথ্য প্ৰকাশ কৰিছে ।

Exit mobile version