কৰ’নাৰ বৰ্ধিত আক্ৰমণৰ মাজতে কেন্দ্ৰৰ দাবী

covid19

ভাৰতত নিশ্চিতভাৱে গণসংক্ৰমণৰ পৰ্যায় উপস্থিত হোৱা নাই । কৰ’না ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশত নিশ্চিতভাৱে গণসংক্ৰমণ হোৱা নাই বুলি বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে দাবী কৰে । মুম্বাই আৰু দিল্লীত বিগত দিনকেইটাত মাৰাত্মক ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ সময়তে আৰম্ভ হোৱা জল্পনা কল্পনা দূৰ কৰি কেন্দ্ৰই তথ্য প্ৰস্তুত কৰে। কেন্দ্ৰীয় চৰকাৰে কয় যে কৰ’না ভাইৰাছৰ দ্ৰুত প্ৰসাৰ ৰোধ কৰাত সফল হৈছে তলাবন্ধই। দেশৰ ৮৩ খন জিলাৰ এক শতাংশতকৈ অধিক জনসংখ্যাৰ মাজত ক’ভিদ-১৯ ৰ উপস্থিতি লক্ষ্যণীয়।

‘গণসংক্ৰমণৰ শব্দটোক লৈ তীব্ৰ বিতৰ্ক হৈছিল তেতিয়া বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰা নাছিল । আমাৰ দেশত কৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱ অতিকৈ কম, এক শতাংশৰ তলত। নগৰীয়া অঞ্চলত ই অলপ বেছি আৰু তাতোকৈ অলপ বেছি কনটেইনমেইন্ট জ’নত। আমি নিশ্চিতভাৱে সামাজিক সংক্ৰমণত নাই । ই এটা পৰিভাষা মাথোঁ। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ ( আই চি এম আৰ) ৰ সঞ্চালক প্ৰধান বলোৰাম ভাৰ্গৱে এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন মুকলি কৰি বৃহস্পতি বাৰে এইদৰে কয় । গণসংক্ৰমণ অথবা এই অতিমাৰীৰ দ্বিতীয় পৰ্যায়ত এনেবোৰ আক্ৰান্তৰ তথ্য চিনাক্ত কৰা হয় যাৰ সংক্ৰমণ উৎস বিচাৰি পোৱা নাযায়। প্ৰাদুৰ্ভাৱৰ প্ৰতিবেদন মুকলি কৰি তেওঁ কয় যে এই ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ হাৰ হৈছে ০.৭৩ শতাংশ। অৰ্থাৎ দ্ৰুত প্ৰসাৰত প্ৰতিৰোধৰ সৃষ্টি কৰাত সফল হৈছে তলাবন্ধ।’ অৱশ্যে বৃহৎ সংখ্যক জনসংখ্যাৰ প্ৰতি এতিয়াও ভাবুকি আছে বুলি তেওঁ কয় ।

স্হানীয়ভাৱে তলাবন্ধৰ পদক্ষেপ বিশেষকৈ কনটেইনমেইন্ট অঞ্চলত গ্ৰহণ কৰা পদক্ষেপসমূহ অব্যাহত থাকিব লাগিব। ডা: ভাৰ্গৱে কয়। যোৱা আঠ জুনত দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দৰ জৈনে কয় যে দিল্লীৰ বৃহৎ সংখ্যক আক্ৰন্তৰ তথ্য বিচাৰি পোৱা নাই। অৱশ্যে কেন্দ্ৰইহে মহানগৰীখন গণসংক্ৰমণৰ পৰ্যায়ত উপনীত হৈছে নে নাই সেইকথা নিৰ্ধাৰণ কৰিব পাৰিব। জৈনে কয়, ‘যেতিয়ালৈকে এজন লোক কিদৰে সংক্ৰমিত হ’ল সেই কথা নাজানো, তেতিয়া গণসংক্ৰমণ বুলি কোৱা হয়। এনে বহু ঘটনা আছে। দিল্লীত ৫০ শতাংশ লোকৰে সংক্ৰমণ ক’ৰ পৰা ঘটিল সেই উৎস বিচাৰি পোৱা নাই।’ লগতে তেওঁ কয়, ‘আমি ইয়াক ঘোষণা কৰিব নোৱাৰো। গণসংক্ৰমণ এক কাৰিকৰী পৰিভাষা আৰু এই কথা কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল।’

ইপিনে, মুম্বাইস্থিত এছিয়াৰ ভিতৰতে বৃহত্তম বস্তি অঞ্চল ধাৰাভিত কৰ্মৰত চিকিৎসকসকলে দাবী কৰি আহিছে যে অঞ্চলটোত গণসংক্ৰমণ হৈছে। যিসকল বস্তিত থাকে তেওঁলোক বাহিৰলৈ কাম কৰিব যায় আৰু স্হানৰ অভাৱত সামাজিক দূৰত্ব মানি চলিব নোৱাৰে। এই বিষয়ে লৈ বিশেষ সজাগতা নাই। তদুপৰি বহু উপসৰ্গহীন লোক আছে। গতিকে মই ভাবো যে গণসংক্ৰমণ হৈছে। এই সংক্ৰমণ বিল্ডঙৰ পৰা বস্তিলৈ আহিছিল আৰু এতিয়া বস্তিৰ পৰা বিল্ডিঙলৈ গৈছে।’ স্হানীয় চিকিৎসকে এইদৰে কয়। বিগত ২৪ ঘণ্টাত ভাৰতত ৯৯৯৬ জন নতুনকৈ সংক্ৰমিত হৈছে আৰু ৩৭৫ জনৰ মৃত্যু হৈছে। প্ৰতিদিনে সংক্ৰমণ আৰু মৃত্যুত অভিলেখ সৃষ্টি হৈছে। এই পৰ্যন্ত দেশত আক্ৰন্তৰ সংখ্যা মুঠ ২,৮৬,৭৯৮ জন আৰু মৃত্যু হৈছে ৮১০৬ জনৰ। অধিকাংশ ৩৪৩৮ জনৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰত । দেশৰ ভিতৰতে সৰ্বাধিক মহাৰাষ্ট্ৰত আক্ৰন্ত হৈছে ৯৪,০৪১ জন।

ইপিনে, দেশৰ ৭০ খন জিলাত সমীক্ষাৰ অন্তত আই চি এম বহু ক্ষেত্ৰত কনটেইনমেইন্ট জ’নৰ মুঠ জনসংখ্যাৰ ৩০ শতাংশ সংক্ৰমিত হৈ নিজে সুস্থ হৈছে। তেওঁলোকৰ তেজত এন্টি’ব’ডি পোৱা গৈছে। এইদৰে জনগোষ্ঠীৰ মাজত ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠিবলৈ আৰম্ভ কৰিলে কনটেইনমেইন্ট অঞ্চলত নতুন সংক্ৰমণৰ হাৰ কমিব। বিশেষজ্ঞসকলৰ মতে, কোনো জনগোষ্ঠীৰ ৬০ শতাংশৰ মাজত ৰোগৰ প্ৰতিৰোধ ক্ষমতা সৃষ্টি হলে নতুনকৈ ভাইৰাছ বিয়পিব নোৱাৰে। কিন্তু স্বাস্থ্য মন্ত্ৰালয়ে কয় যে দেশৰ ৭০ শতাংশৰ অধিক লোক পূৰ্বৰে পৰা দেহত থকা একাধিক জটিল ৰোগৰ বাবে মৃত্যু মুখত পৰিছে। তদুপৰি দেশত সুস্থ হৈ উঠাৰ সংখ্যা বৃদ্ধি পাইছে। এই পৰ্য্যন্ত এক লাখ ৪০ হেজাৰ ৮৯১ জন সুস্থ হৈ উঠিছে। স্বাস্থ্য মন্ত্ৰণালয়ে দাবী কৰে যে আগন্তুক দিনত অধিক লোক সুস্হ হ’ব।

Exit mobile version