বন্য জীৱ জন্তু খোৱাত নিষেধাজ্ঞা চীনলৈ বিমানযোগে আমদানি গাহৰিৰ

pig 1

চীনত সম্প্ৰতি বনৰীয়া জীৱ-জন্তুৰ মাংস খোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। দেশখনত বান্দৰ,কুকুৰ,সাপ, চৰাই আদিৰ মাংস বিক্ৰী কৰা দোকানসমূহ তলা লগাই দিয়া হৈছে।এনে অৱস্থাত চীনৰ বাসিন্দাসকলৰ মাজত শেহতীয়াকৈ অধিক জনপ্ৰিয় হৈ উঠিছে গাহৰিৰ মাংস। ফলত দেশখনলৈ আমদানি বৃদ্ধি পাইছে গাহৰিৰ।

২০১৯ত চীনলৈ আমদানি হোৱা গাহৰিতকৈ চলিত বৰ্ষত বৰ্তমানলৈকে ইয়াৰ পৰিমাণ দুই লাখ ৪৫ হেজাৰ টনৰো অধিক হৈছে।গাহৰিৰ মাংস জনপ্ৰিয় হ’বলৈ লোৱাত চীনে আমদানিৰ বাবে ব্যৱহাৰ কৰিছে কাৰ্গো বিমান। ব’য়িং ৭৪৭ কাৰ্গো বিমানত সম্প্ৰতি পানজপা দি চীনলৈ অনা হৈছে গাহৰি।একেখন বিমানতে হেজাৰ হেজাৰ গাহৰিৰ পোৱালি আমদানি হবলৈ লৈছে।

গাহৰি পৰিবহণ কৰিব পৰাকৈ বিমানৰ ভিতৰত কাঠৰ ‘ৰেক’ৰ বিশেষ ব্যৱস্থা কৰি লোৱা হৈছে।যোৱা বছৰ আফ্ৰিকান ছোৱাইন ফ্লুৰ বাবে চীনলৈ গাহৰি আমদানিত কিছু স্থৱিৰতাৰ সৃষ্টি হৈছিল।এতিয়া পৰিস্থিতিৰ পৰিৱৰ্তন হৈছে।সম্প্ৰতি প্ৰকোপ বৃদ্ধি পাইছে ক’ৰনা ভাইৰাছৰ। চলিত বৰ্ষৰ প্ৰথম চাৰিটা মাহতে চীনলৈ একমাত্ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰাই দুই লাখ ৫৪ হেজাৰ ৫৩৩ টন গাহৰিৰ আমদানি কৰা হয়।

তলাবন্ধৰ বাবে বিশ্বজুৰি বিমান পৰিবহণ কোম্পানীবিলাকে লোকচানৰ সন্মুখীন হৈছে যদিও এই ক্ষেত্ৰত ব্যতিক্ৰম ‘ভল্গা-নিপাৰে’ গোষ্ঠী। মূলতঃ মালবাহী বিমান পৰিবহনৰ ক্ষেত্ৰত বিশ্বত অন্যতম প্ৰতিষ্ঠিত এই গোষ্ঠীৰ তলাবন্ধৰ সময়ত ৩২ শতাংশ আয় বৃদ্ধি পাইছে। সম্প্ৰতি ৰাছিয়া,ফ্ৰান্স,জাৰ্মানী আদিত চিকিৎসা সঁজুলি,বাট-পথ জীৱনুমুক্ত কৰাত ব্যৱহাৰ হোৱা গাড়ী তথা সঁজুলি আদি ‘ভল্গা-নিপাৰে’ পৰিবহন কৰিছে।

ভল্গা নিপাৰৰ মূৰব্বী আলেক্সেই ইচায়কিনে এই বিষয়ত জনায় যে তলাবন্ধৰ পূৰ্বে ভল্গা-নিপাৰে মূলতঃ উপগ্ৰহ তথা আপদকালীন সেতু নিৰ্মাণত ব্যৱহাৰ হোৱা সা-সৰঞ্জাম পৰিবহন কৰিছিল;কিন্তু তলাবন্ধৰ সময়ত সামগ্ৰী পৰিবহন কৰা বিমানৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। সেয়েহে ব্যৱসায়ো বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালভাৱে সামগ্ৰী পৰিবহনৰ ভাড়াও বৃদ্ধি পাইছে।

ভল্গা-নিপাৰে ইউৰোপৰ পৰা চীনলৈ গাহৰি পৰিবহনো কৰিছে।মাৰ্কিন যুক্তৰাষ্ট্ৰই পূৰ্বে ইউৰোপৰ পৰাই অধিক গাহৰি আমদানি কৰিছিল চীনলৈ; কিন্তু চলিত বৰ্ষৰ প্ৰথমতে মাৰ্কিন যুক্তৰাষ্ট্ৰই গাহৰি প্ৰেৰণত প্ৰত্যাহ্বান সৃষ্টি কৰে ইউৰোপলৈ।সমগ্র বিশ্বতে চীনা সামগ্ৰী বর্জনৰ ক্ষেত্ৰত জোৱাৰৰ সৃষ্টি হৈছে যদিও চীনাসকলে মাংসৰ চাহিদা পূৰণ কৰিবলগীয়া হৈছে আমদানি কৰা গাহৰিৰে। ৰঙা চীনত মাৰ্কিন গাহৰিৰ কদৰ বৃদ্ধি পোৱাত স্বাভাৱিকতে চৰ্চালৈ আহিছে বিষয়টো।

Exit mobile version