মঙলদৈৰ বিশেষভাৱে সক্ষম ঋতুস্মিতালৈ সহায়ৰ হাত ভাৰতীয় সেনাৰ

IMG 20200613 WA0006

গুৱাহাটীৰ সৰস্বতী বাগধ্বনীৰ পৰা কৃতিত্বৰে উত্তীৰ্ণ হোৱা মঙলদৈৰ বিশেষভাৱে সক্ষম ছাত্ৰী ঋতুস্মিতা হাজৰিকাৰ কাষত থিয় হল ভাৰতীয় সেনা। মঙলদৈ চহৰৰ নিকটৱৰ্তী পকাবাঙিপাৰা নিবাসী শিক্ষক পবিত্ৰ হাজৰিকা আৰু কবিতা হাজৰিকাৰ কন্যা ঋতুস্মিতা হাজৰিকাই সাধাৰণ গণিতত ৮৬ নম্বৰ সহ মুঠ ৭২.৩৩ শতাংশ নম্বৰ লাভ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাত সেনাই ছাত্ৰীগৰাকীক উপহাৰ টোপোলাৰে অভিনন্দন জ্ঞাপন কৰাৰ লগতে উচ্চ শিক্ষাৰ বাবে সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ADVERTISEMENT

আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা দৰঙৰ বানেইকুছিৰ ধৃতিৰাজ বাস্তৱ কলিতাকো উপহাৰ টোপোলাৰে অভিনন্দন জ্ঞাপন কৰি সেনাবাহিনীৰ বিষয়াই ধৃতিৰাজক দৰং তথা অসমৰ সম্পদৰ লগতে দেশৰ সম্পদ হিচাপে নিজকে গঢ়ি তুলিবলৈ আহ্বান জনায় । সম্বৰ্ধনা অনুষ্ঠানটি পৰিচালনাত সেনা বাহিনীৰ সৈতে সহযোগ কৰে জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাসে । এই অভিনন্দন অনুষ্ঠানত দলগাঁও ডায়েটৰ অধ্যক্ষ মাধব চন্দ্ৰ শৰ্মা সমন্বিতে কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে ।

Exit mobile version