মেট্ৰিকত এজনো উত্তীৰ্ণ নোহোৱা স্কুল বন্ধ কৰাত আইনী মেৰপেচ

result

হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজনো উত্তীৰ্ণ নোহোৱা বিদ্যালয় বন্ধ কৰাৰ ক্ষেত্ৰত আইনী মেৰপেছৰ সন্মুখীন হৈছে ৰাজ্যৰ শিক্ষা বিভাগ ৷ফলত চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজনো শিক্ষাৰ্থী উত্তীৰ্ণ নোহোৱা ৰাজ্যৰ ২৪ বিদ্যালয় বন্ধ কৰাৰ পূৰ্বে সংশ্লিষ্ট শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ বদলিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ গৈ থমকি ৰ’বলগীয়া হৈছে বিভাগ ৷

শিক্ষা বিভাগৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজনো উত্তীৰ্ণ নোহোৱা ৰাজহুৱা খণ্ডৰ মুঠ ২৪ খন বিদ্যালয় আছে ৷ইয়াৰে ছখন আছে ডিমা হাচাও পাহাৰীয়া জিলাখনত থকা এই শিক্ষানুষ্ঠানসমূহ বন্ধ কৰাৰ ক্ষেত্ৰত আছে ব্যাপক জটিলতা ৷ বিশেষকৈ শিক্ষাৰ অধিকাৰ আইন অনুসৰি প্ৰতি পাঁচ কিলোমিটাৰৰ অন্তৰে অন্তৰে এখনকৈ উচ্চ মাধ্যমিক বিদ্যালয় থকাতো বাধ্যতামূলক।

কিন্তু ডিমা হাচাও আৰু কাৰ্বি আংলং জিলাত পাঁচ কিলোমিটাৰতো বাদেই,১০-১২ কিলোমিটাৰ দূৰলৈকে বৰ্তমানে কোনো শিক্ষানুষ্ঠান নাই। তেনেস্থলত এই শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি উক্ত শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থীসকলক ওচৰৰ স্কুলত নামভৰ্তি কৰোৱাৰ ক্ষেত্ৰত জটিলতা আছে। লগতে ডিমা হাছাও জিলাৰ ছখল আৰু কাৰ্বি আংলং জিলাৰ আন তিনিখন শিক্ষানুষ্ঠানৰ অধিকাংশ শিক্ষাৰ্থীয়ে অনুসূচিত জনজাতি পৰিয়ালৰ ৷তদুপৰি দুয়োখন জিলা ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত।

ইয়াৰ পৰিপেক্ষিতত পাহাৰীয়া জিলা দুখনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজনো প্ৰাৰ্থী উত্তীৰ্ণ নোহোৱা এই নখন শিক্ষানুষ্ঠান বন্ধ কৰাক লৈ শিক্ষা বিভাগে বৰ্তমানে কোনো সিদ্ধান্ত নোলোৱা বুলি সূত্ৰটোৱে জনাইো একেদৰে সংখ্যালঘু অধ্যুষিত অঞ্চলত নাৰী শিক্ষা অধিক গতিশীল কৰাৰ স্বাৰ্থতে কামৰূপ জিলাৰ ছমৰীয়াস্থিত কস্তৰবা গান্ধী বালিকা বিদ্যালয় দুখনৰ ক্ষেত্ৰতো আইনী বাধা আছে ৷

ফলত এই শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি শিক্ষক কৰ্মচাৰীক বদলিৰ পৰিৱৰ্তে ভাল ফলাফলৰ বাবে কঠোৰ সকিয়নী দিয়াৰ যো জা চলোৱা বুলি সূত্ৰটোৱে জনায়। লগতে এজনো শিক্ষাৰ্থী নোহোৱা এই শিক্ষানুষ্ঠানসমূহৰ ভিতৰত কাছাৰৰ দুখন,ধুবুৰীৰ এখন,গোলাঘাটৰ এখন,যোৰহাটৰ চাৰিখন,কামৰূপৰ দুখন,কাৰ্বি আংলঙৰ তিনিখন,কোকৰাঝাৰৰ এখন,নগাঁৱৰ এখন,ডিমাহাচাও ছখন,শোনিতপুৰৰ দুখন আৰু কামৰূপ মহানগৰৰ এখন শিক্ষানুষ্ঠান থকা বুলি সূত্ৰটোৱে অৱগত কৰে ৷

Exit mobile version