কৃতি ছাত্ৰ-ছাত্ৰীক গ্ল’ৱেল ৱেল ফেয়াৰ ছ’চাইটিৰ সম্বৰ্ধনা

WhatsApp Image 2020 06 14 at 4.11.00 PM

হোজাই জিলাৰ নীলবাগানৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন গ্ল’ৱেল ৱেল ফেয়াৰ ছ’চাইটিয়ে আজি এক অনুষ্ঠানত কৃতি ছাত্ৰ -ছাত্ৰীক সম্বৰ্ধনা জনাই উৎসাহিত কৰে ৷ ছ’চাইটিৰ সভাপতি ডঃ চালেহ খানে আঁত ধৰা অনুষ্ঠানত পৃথকে পৃথকে অৰ্ধ শতাধিক মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ -ছাত্ৰীক গামোচা, গ্ৰন্থ, কলম,মাস্ক আদিৰে সম্বৰ্ধনা জনায় ৷

সম্পূৰ্ণ স্বাস্থ্য বিধি মানি অনুষ্ঠিত হোৱা অনুষ্ঠানত হোজাই চহৰৰ বাসিন্দা তথা আন্তঃৰাষ্ট্ৰীয় বিশিষ্ট ব্যৱসায়ী উবাইদুল্লা আহমেদকে ধৰি কে’বাজনো বিশিষ্ট নাগৰিক আৰু সংগঠনটিৰ কৰ্মকৰ্তা উপস্থিত থাকে ৷ উল্লেখ যোগ্য যে ২০১৮ চন পঞ্জীয়ন হোৱা স্বেচ্ছাসেৱী সংগঠনটিয়ে হোজাই জিলাত শেহতীয়া সামাজিক কাম কাজ কৰি জনমানসত উজ্বলি উঠিবলৈ সক্ষম হৈছে ৷ তলাবন্ধৰ সময়তো দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়াই সচেতন মহলত ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।

Exit mobile version