কেবিনেটৰ সিদ্ধান্তলৈও অংগুষ্ঠ

alcohol 1588332155

ৰাজ্য চৰকাৰে স্বয়ং কেবিনেটৰ সিদ্ধান্তলৈকো অংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজকোষৰ ঘাটি পূৰণত হেঙাৰ সৃষ্টি কৰিছে আবকাৰী বিভাগে। সুৰা ব্যৱসায়ীৰে গোপন বুজাবুজি কৰি দুঃসাহস প্ৰদৰ্শন কৰা এই কাৰ্যত নেতৃত্ব দিছে আবকাৰী বিভাগৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত আয়ুক্ত সঞ্জীৱ মেধিয়ে ৷ আবকাৰী বিভাগৰ এক সূত্ৰই জনোৱা মতে কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অব্যাহত থকা তলাবন্ধত ৰাজ্যৰ ৰাজকোষত হোৱা ক্ষতি পূৰণৰ উদ্দেশ্য ৰাজ্যিক কেবিনেটে বিলাতী সুৰাৰ সৰ্বোচ্চ খুচুৰা মূল্যৰ ওপৰত অতিৰিক্ত ভাৱে ২৫ শতাংশ কৰ আৰোপৰ বাবে সেয়া আঠ মে’ত সিদ্ধান্ত গ্ৰহণ কৰে । এই সম্পৰ্কত ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগে যোৱা ন মে’ত প্ৰকাশ কৰে এক ৰাজপত্ৰ ৷ কিন্তু আশ্চৰ্যজনকভাৱে সুৰা প্ৰস্তুতকাৰী কোম্পানীৰে গোপন বুজাবুজিৰে আবকাৰী বিভাগৰ একাংশ শীৰ্ষ পৰ্যায়ৰ আমোলা বিষয়াই কেবিনেট সিদ্ধান্তক উলংঘাৰে সুৰাৰ মূল্য বৃদ্ধিত অনুমোদন জনাই সুৰা কোম্পানীসমূহক লুন্ঠনৰ বাট প্ৰশস্ত কৰি দিয়ে ৷ লগতে সুৰাৰ চোৰাং বেহা কৰা সুৰা মাফিয়া চক্ৰকো ইয়াৰ জৰিয়তে উদগনি জনায়। ফলত ইয়াৰ কু প্ৰভাৱ পৰে ৰাজ্যৰ ৰাজকোষত ৷

এই ক্ষেত্ৰত আবকাৰী বিভাগৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত আয়ুক্ত সঞ্জীৱ মেধিয়ে নেতৃত্ব বহন কৰা বুলি জনায় সূত্ৰটোৱে। তলাবন্ধৰ কাৰণে ৰাজ্যৰ ৰাজকোষত হোৱা ঘাটি পূৰণৰ বাবে সুৰা সৰ্বোচ্চ মূল্যৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ কৰ আৰোপৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ৷ইফালে দৈনিক অগ্ৰদূতত “ৰাজ্যত ৭০ শতাংশ হ্ৰাস সুৰাৰ বিক্ৰী” শীৰ্ষক প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে দিছপুৰত তীব্ৰ জোঁকাৰণিৰ সৃষ্টি হয় ৷ ফলত দ্বিতীয় শনিবাৰৰ বন্ধ হোৱা সত্ত্বেও সেয়া ১০ মে’ত আবকাৰী বিভাগে জাৰি কৰা ১৯০/২০১৪-২০১৫/পাৰ্ট-১/৪২৯ নম্বৰ নিৰ্দেশনা প্ৰত্যাহাৰ কৰে ততাতৈয়াকৈ । লগতে সুৰা কোম্পানীসমূহক সুৰাৰ পুৰণি নিৰিখৰ তালিকাসমূহ অহা ১৫ জুনৰ ভিতৰত দাখিলৰ বাবে আবকাৰী বিভাগৰ অতিৰিক্ত আয়ুক্ত মেধিয়ে হোৱাটছএপ যোগে সুৰা কোম্পানীসমূহক নিৰ্দেশ দিয়ে ৷ইয়েই সুৰা কোম্পানীৰে গোপন বুজাবুজিৰে মূল্যবৃদ্ধি কৰা কাৰ্যক অধিক স্পষ্ট কৰি তোলে ৷ সংশ্লিষ্ট বিষয়াৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হ’ব সেয়াই প্ৰশ্ন।

Exit mobile version