বঙাইগাঁৱত ক’ভিড ৰ’ভাৰ মুকলি

mmmmmmmmmmmmmmmm
♦বঙাইগাঁৱত ক’ভিড ৰ’ভাৰ নামৰ এখন দূৰ নিয়ন্ত্রিত যন্ত্ৰৰে চালিত বিশেষ বাহন মুকলি কৰে খাদ্য আৰু  অসামৰিক যোগান বিভাগৰ  মন্ত্ৰী  ফণীভূষণ চৌধুৰীয়ে  ৷ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া আৰু যুটীয়া স্বাস্থ্য সঞ্চালক ডা° নীলমাধৱ দাসৰ উপস্থিতিত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত এই বিশেষ যন্ত্ৰচালিত বাহন খন মুকলি কৰা হয় ৷
♦বঙাইগাঁও অসামৰিক চিকিৎসালয়ক ক’ভিড চিকিৎসালয় হিচাপে ঘোষণা কৰাৰ পাছত স্বাস্থ্য কৰ্মী সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই বাহনখন নিৰ্মাণ কৰা হৈছে ৷
♦পলিটেকনিকৰ কাৰিকৰ সকলে সাজি উলিওৱা ৰিম’টেৰে পৰিচালিত এই যন্ত্ৰচালিত বাহনখনৰ  দ্বাৰা ৰোগীসকলক খাদ্য আৰু ঔষধ যোগান ধৰিব পৰা যাব ৷
♦পৰৱৰ্তী পৰ্যায়ত এই ধৰণৰ বাহন জিলাখনৰ আন পৃথকীকৰণ কেন্দ্ৰ সমূহতো উপলব্ধ হ’ব ৷
♦বঙাইগাঁও অসামৰিক চিকিৎসালয়ক ক’ভিড চিকিৎসালয় ঘোষণাৰ পাছত চিকিৎসালয়খনত সুৰক্ষা আৰু সতৰ্কতামূলক বহুতো ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে৷
Exit mobile version