সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে ৰাজ্যৰ ছটাকৈ আঞ্চলিক ৰাজনৈতিক দলে | বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ থিয় দিয়াৰ লক্ষ্যৰে ছটাকৈ আঞ্চলিক দল একলগ হোৱা বুলি সাংসদ অজিত কুমাৰ ভূঞাই সদৰী কৰিছে | “আঞ্চলিকতাবাদী মঞ্চ” নামৰে আত্মপ্ৰকাশ কৰা এই সংগঠনটোত আছে অসম সংগ্ৰামী মঞ্চ, আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ, জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি অসম, স্বায়ত্ত শাসিত ৰাজ্য দাবী সমিতি, খিলঞ্জীয়া জনগোষ্ঠী মহাচেতনা জনসংঘ,লিবাৰেল ডেমকেটিভ পাৰ্টি | উল্লেখিত সংগঠনকেইটাৰ শীৰ্ষ বিষয়ববীয়া উপিস্থিত দেওবাৰে অনুষ্ঠিত বৈঠকত সাংসদ অজিত ভূঞা, হাইদৰ হুচেইন, নেকিবোৰ জামান, মীৰা বৰঠাকুৰ আদিয়ে অংশ লয় | ৰাজ্যবাসীয়ে আঞ্চলিক শক্তি এটাৰ অভাৱ অনুভৱ কৰা বুলি ভূঞাই উল্লেখ কৰি এই শক্তিয়ে সেই অভাৱ আগন্তক দিনত দূৰ কৰিবলৈ সক্ষম হব বুলি কয় |
সাংসদ অজিত ভূঞাৰ নেতৃত্বত ঐক্যবদ্ধ ৰাজ্য ছয় আঞ্চলিক শক্তিঃ বৈঠক অনুষ্ঠিত
-
By publisher

- Categories: Assam, News
- Tags: Ajit Kumar BhuyanAssam
Related Content
বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস
By
publisher
April 25, 2026
Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু
By
Editor
April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
By
publisher
April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ'ব সামাজিক মাধ্যম
By
publisher
April 25, 2026
৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত
By
publisher
April 25, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত
By
publisher
April 25, 2026