সাংসদ অজিত ভূঞাৰ নেতৃত্বত ঐক্যবদ্ধ ৰাজ্য ছয় আঞ্চলিক শক্তিঃ বৈঠক অনুষ্ঠিত

WhatsApp Image 2020 06 14 at 5.05.13 PM

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে ৰাজ্যৰ ছটাকৈ আঞ্চলিক ৰাজনৈতিক দলে |  বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ থিয় দিয়াৰ লক্ষ্যৰে ছটাকৈ আঞ্চলিক দল একলগ হোৱা বুলি সাংসদ অজিত কুমাৰ ভূঞাই সদৰী কৰিছে | “আঞ্চলিকতাবাদী মঞ্চ” নামৰে আত্মপ্ৰকাশ কৰা এই সংগঠনটোত আছে অসম সংগ্ৰামী মঞ্চ, আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ, জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি অসম, স্বায়ত্ত শাসিত ৰাজ্য দাবী সমিতি, খিলঞ্জীয়া জনগোষ্ঠী মহাচেতনা জনসংঘ,লিবাৰেল ডেমকেটিভ পাৰ্টি | উল্লেখিত সংগঠনকেইটাৰ শীৰ্ষ বিষয়ববীয়া উপিস্থিত দেওবাৰে অনুষ্ঠিত বৈঠকত সাংসদ অজিত ভূঞা, হাইদৰ হুচেইন, নেকিবোৰ জামান, মীৰা বৰঠাকুৰ আদিয়ে অংশ লয় | ৰাজ্যবাসীয়ে আঞ্চলিক শক্তি এটাৰ অভাৱ অনুভৱ কৰা বুলি ভূঞাই উল্লেখ কৰি এই শক্তিয়ে সেই অভাৱ আগন্তক দিনত দূৰ কৰিবলৈ সক্ষম হব বুলি কয় |

Exit mobile version