উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসক কীম জং উনৰ ভগ্নী কীম য়’ জঙে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে সামৰিক অভিযান চলোৱাৰ ভাবুকি দিলে । কীম য়’ৱে দক্ষিণ কোৰিয়াক সীমান্তৰ সিপাৰৰ পৰা উত্তৰ কোৰিয়ালৈ প্ৰেৰণ কৰি অহা চৰকাৰ বিৰোধী শ্ল’গান থকা বেলুনৰ প্ৰসংগত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে দক্ষিণ কোৰিয়াক এনে কাৰ্য বন্ধ কৰিবলৈ দাবী জনায় । উল্লেখ্য যে দক্ষিণ কোৰিয়াৰ পৰা আন্দোলনকাৰীয়ে প্ৰায়ে উত্তৰ কোৰিয়া বিৰোধী শ্ল’গান থকা বেলুন এইদৰে আকাশলৈ উৰুৱাই আহিছে ।কীম ভগ্নীয়ে এই ঘটনাত ক্ষোভ প্ৰকাশ কৰি কয় যে দক্ষিণ কোৰিয়াই যদিহে আন্দোলনকাৰীসকলক এনে কাৰ্যৰ পৰা বিৰত ৰাখিবলৈ সক্ষম নহয় ,তেন্তে উত্তৰ কোৰিয়াৰ সেনাই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।
কীম য়ুৱে লগতে কয় যে উত্তৰ কোৰিয়াৰ মুৰব্বী ,ক্ষমতাধিষ্ঠিত দল আৰু চৰকাৰৰ পৰা লাভ কৰা ক্ষমতাৰ ব্যৱহাৰ কৰি তেওঁ ইতিমধ্যে সেনাবাহিনীক প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে আৰু এই প্ৰসংগত পৰৱৰ্ত্তী সিদ্ধান্ত সেনা প্ৰধানে নিজে গ্ৰহণ কৰিব । উত্তৰ কোৰিয়াই সামৰিক অভিযান চলালে দক্ষিণ কোৰিয়াৰ বাবে ই যথেষ্ট ক্ষতিকাৰক হ’ব বুলিও কীম ভগ্নীয়ে দেশখনক সকীয়াই দিয়ে । প্ৰকাশিত বাতৰি অনুসৰি যোৱা সাত জুনৰ পৰা এতিয়ালৈকে উত্তৰ কোৰিয়াৰ আকাশলৈ দক্ষিণ কোৰিয়াৰ প্ৰতিবাদকাৰীয়ে কমেও পাঁচ লাখ প্ৰতিবাদী বেলুন নিক্ষেপ কৰিছে ।
এনেবোৰ বেলুনত উত্তৰ কোৰিয়াৰ পাৰমাণৱিক কাৰ্যসূচীৰ বিৰোধিতাৰ লগতে মানৱাধিকাৰ লংঘনৰ বিষয় উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল’গান লিখিছিল।কে’বাদশকজোৰা সংঘাতৰ পাছত উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ মাজত উত্তেজনা হ্ৰাস পাবলৈ লৈছিল যদিও শেহতীয়াভাৱে দুই কোৰিয়াৰ মাজত পুনৰ সংঘাত বৃদ্ধি পোৱা প্ৰত্যক্ষ হ’বলৈ ধৰিছে । ইমানদিনে উত্তৰ কোৰিয়াৰ শাসক কীমে দক্ষিণ কোৰিয়াক ভাবুকি দি আহিছিল যদিও এইবাৰ কীম ভগ্নীয়ে চুবুৰীয়া ৰাষ্ট্ৰখনক সামৰিক অভিযানৰ হুংকাৰ দিলে ।