পহিলা জুলাইৰ পৰা সলনি হ’ব এ টি এমত লেনদেনৰ এইবোৰ নিয়ম

Untitled design 17 1280x720 1024x576 1

কৰ’না ভাইৰাছৰ সংক্ৰমনৰ পৰিপ্ৰেক্ষিতত দেশজুৰি ২৪মাৰ্চৰ পৰা তলাবন্ধ আৰম্ভ হৈছিল। তলাবন্ধ ঘোষণাৰ পাছত এ টি এমত লেনদেনৰ ক্ষেত্ৰত তিনিমাহৰ বাবে সকলো মাচুল প্ৰত্যাহাৰ কৰাৰ কথা কেন্দ্ৰীয় বিত্তমন্ত্ৰণালয়ে ঘোষণা কৰিছিল । কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ঘোষণাৰ পাছত তিনি মাহধৰি কোনো মাচুল অবিহনে দেশবাসীয়ে এ টি এমৰ পৰা ইচ্ছানুসৰি ধন উলিওৱাৰ সুবিধা লাভ কৰিছিল । এপ্ৰিলৰ পৰা জুনলৈকে এ টি এম কাৰ্ডৰ গ্ৰাহক সকলে লাভ কৰা এই সুবিধা অহা ৩০জুনত অন্ত পৰিব । এই বিশেষ সেৱাৰ ম্যাদ বৃদ্ধিৰ সন্দৰ্ভত এতিয়া লৈকে বিত্তমন্ত্ৰণালয়ে কোনো তথ্য প্ৰকাশ কৰা নাই ।

উল্লেখ যে তলাবন্ধৰ প্ৰতি লক্ষ্য ৰাখি বেংকৰ একাউন্টত নূন্যতম ধন জমা ৰখাৰ চৰ্ত ও বিত্তমন্ত্ৰণালয়ে তিনি মাহৰ বাবে লাঘৱ কৰিছিল ।ষ্টেট বেংক অৱ ইণ্ডিয়া ৰ নিয়ম অনুসৰি মহানগৰ ত চেভিংছ একাউণ্টত তিনি হেজাৰ টকা, সৰু চহৰত দুহেজাৰ টকা আৰু গাঁৱত এহেজাৰ টকা নূন্যতম ধন জমা ৰাখিব লাগে । নূন্যতম ধন একাউণ্ট নাথাকিলে ষ্টেট বেংক অৱ ইণ্ডিয়া ই একাউণ্ট ধাৰকৰ পৰা পাঁচ ৰ পৰা ১৫হেজাৰ টকা জৰিমনা আদায় কৰে। তলাবন্ধৰ পাছত তিনিমাহ ধৰি বেংকৰ গ্ৰাহক সকলে নূন্যতম ধন জমাৰ চৰ্ত পূৰণ নকৰাকৈ এ টি এমৰে লেনদেন কৰাৰ সুবিধা লাভ কৰিছিল ।

অহা পহিলা জুলাইৰ পৰা বেংকৰ ছেভিংছ একাউন্ট আৰু এটিএমৰে সেৱাৰ ক্ষেত্ৰত পূৰ্বৰ নিয়ম পুনৰ প্ৰযোজ্য হোৱাৰ সম্ভাৱনা আছে। অর্থাৎ বিত্তমন্ত্ৰণালয়ে পূৰ্বে জাৰি কৰা নিৰ্দেশনাৰ ম্যাদ তিনিমাহৰ অধিক বৃদ্ধি ঘোষণা নকৰিলে জুলাইৰ পৰা এ টি এম ব্যৱহাৰত মাচুল আদায় দিয়াৰ লগতে পূৰ্বৰ দৰে একাউণ্ট ধাৰকে নূন্যতম ধন একাউণ্টত জমা ৰাখিব লাগিব।

Exit mobile version